দীপাৱলী উপলক্ষে ঢকুৱাখনাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাটিৰ চাকি বিতৰণ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: দীপাৱলী উপলক্ষে ঢকুৱাখনাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাটিৰ চাকি বিতৰণ।ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ কমিটিৰ নিৰ্দেশ মৰ্মে ঢকুৱাখনা জিলা সমিতিয়ে যুৱ মৰ্চাৰ ঢকুৱাখনা মণ্ডল সমিতিৰ সহযোগত ঢকুৱাখনা নগৰত কেইবা হাজাৰ মটিৰ চাকি বিতৰণ কৰে ৷প্ৰধানকৈ মৃৎ শিল্পৰ সৈতে জড়িত শিল্পী তথা কাৰিকৰসকলক তেওঁলোকৰ জীৱিকা পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লগতে উৎসাহ জনোৱাৰ উদ্দেশ্যে যুৱ মৰ্চাই এই কাৰ্যসূচী হাতত লৈ আহিছে । মাটিৰ চাকি বিতৰণ কাৰ্যসূচীত ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ সভাপতি বৃকোদৰ দাস অসম প্ৰদেশৰ কাৰ্য্যনিৰ্বাহক সদস্য কিৰন শইকীয়া ঢকুৱাখনা মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পলাশ কোঁৱৰকে ধৰি জিলা মণ্ডল যুৱ মৰ্চাৰ কাৰ্যকর্তা সকল উপস্থিত থাকে।
প্ৰেৰক: পুলকজ্যোতি বৰা