নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ বেলতলীত চৰ-চাপৰি সাহিত্য পৰিষদৰ আলোচনা চক্ৰ

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰা সমীপৱৰ্ত্তী বেলতলীৰ হকোডবা প্ৰাথমিক বিদ্যালয়ত চৰ চাপৰি সাহিত্য পৰিষদ, অসমৰ এখন আলোচনা চক্ৰ সভা অনুষ্ঠিত হয় । পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ ।চৰ চাপৰি সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি ড৹ হাফিজ আহেমদৰ সভাপতিত্বত ‘অসমৰ জাতীয় জীৱন আৰু চৰ চাপৰিবাসী” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।উক্ত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক , সাহিত্যিক অধ্যাপক দ্বিজেন বৰ্মনে । আলোচনা চক্ৰৰ অন্তত পৰিষদৰ  গোৱালপাৰা আৰু বঙাইগাঁও জিলা সমিতিৰ যুটীয়া কাৰ্য্যনিৰ্বাহক সভাও অনুষ্ঠিত হয় । সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে । অতি কম দিনৰ ভিতৰতে বৰপেটা জিলাত এখন চিন্তন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে । লগতে অহা জানুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্ৰীয় সমিতিৰ অধিবেশন চেনীমাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ সভাত গোৱালপাৰা জিলা সমিতিৰ সভাপতি শ্বাহানুৰ ইছলাম, বঙাইগাঁও জিলা সমিতিৰ সভাপতি আবুল হুছেইন, কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক আনোৱাৰ হুছেইন, সম্পাদকদ্বয় ক্ৰমে অধ্যাপক শ্বৰিফুল ইছলাম আৰু সাংবাদিক মনোৱাৰ হুছেইন , সোনালীঘোৰাৰ সৃষ্টা কেৰামত আলী শ্বেখ , কবি আবু শ্বামা , অধ্যাপক আব্দুৰ ৰাজ্জাক ,ড০ আবেদ আলী প্ৰমুখ্যে বহু ব্যক্তি আলোচনা চক্ৰ ত উপস্থিত থাকে ।

 

টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like