নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমণিত প্ৰতিকূল বতৰত ম্লান পৰিল দেৱালী উৎসৱ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:  নেৰানেপেৰা কিনকিনিয়া বৰষুণ আৰু বতাহৰ বাবে ধুবুৰী জিলাৰ আগমণি গোলকগঞ্জ আৰু হালাকুৰা অঞ্চলত শান্তি পূৰ্ণ ভাবে দেৱালী উদযাপন কৰিব নোৱাৰিলে ৰাইজে  । পূৰ্ব পুৰুষৰ আত্মাক বন্তি প্ৰজ্বলন আৰু অসুৱা শক্তি বশ কৰাৰ বাবে  দেৱালী উদযাপন কৰে হিন্দু ধৰ্মী লোক সকলে । । চোতালত কল গছ ৰুই বাঁহৰ কাঠিৰে মাটিৰ চাকি বনাই বন্তি প্ৰজ্বলন কৰে যদিও বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে একাংশই ঘৰৰ ভিতৰত কৌশল কৰি কল গছ ৰুই বন্তি প্ৰজ্বলন কৰে  । আন একাংশই কোনোমতে কল গছৰ ব্যতিৰিকে  চাকি দিবলৈ চেষ্টা কৰে । আনকি এইবাৰ দেৱালীত লৰা ছোৱালী বোৰে মনৰ হেঁপাহ পলুৱাই ফটকা – ফুৰ ফুৰি আদি জ্বলাব নোৱাৰিলে । ইপিনে কালি পুৱাৰে পৰা বিদ্যুতৰ যোগান বন্ধ কৰি দিয়াত  দেৱালী উৎসৱ পালন কৰাতো দূৰৰ কথা বিদ্যুতৰ অভাৱ আৰু বতাহৰ লগতে কিনকিনিয়া বৰষুণৰ বাবে মানুহৰ সাধাৰণ জীৱন যাপন ব্যাহত হৈছে ।
You might also like