নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: কোনো প্রমাণ অবিহনে স্বামীক তিৰোতা সেৰুৱা বা মদপী বুলি কোৱাটো নিষ্ঠুৰতা৷ বিবাহ বিচ্ছেদ সম্পর্কীয় এক গোচৰৰ ৰায় ঘোষণা কৰিবলৈ গৈ এনেদৰে উল্লেখ কৰিছে বোম্বাই উচ্চ ন্যায়ালয়ে৷ বিচাৰপতি নীতিন জামদাৰ আৰু শর্মিলা দেশমুখৰ বিচাৰপীঠে এই সন্দর্ভত পুনেৰ পাৰিবাৰিক আদালতৰ ৰায় বাহাল ৰাখি পত্নীৰ আবেদন খাৰিজ কৰি দিছে৷ পুনেৰ এই ৫০ বছৰীয়া মহিলাগৰাকীৰ স্বামী আছিল প্রাক্তন সেনাকর্মী৷ পাৰিবাৰিক আদালতত এই মহিলাই অভিযোগ কৰিছিল যে তেওঁৰ স্বামী অন্য নাৰীৰ প্রতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে৷ ইয়াৰ ফলত দাম্পত্যৰ অধিকাৰ খর্ব হোৱা বুলি পত্নীয়ে অভিযোগ কৰিছিল৷ স্বামীৰ এনে আচৰণ পত্নীৰ প্রতি নিষ্ঠুৰতা বুলি অভিযোগ অনা হৈছিল৷ কিন্তু এই অভিযোগ খাৰিজ কৰি দিয়ে আদালতে৷