নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: লেটিন আমেৰিকান ৰাষ্ট্র ইকুৱেডৰত আৱিষ্কাৰ হৈছে ৬টা দুষ্প্রাপ্য প্রজাতিৰ ভেকুলী৷ ইয়াৰ পূর্বে মূলতঃ ‘ৰেইন ফ্রগ’ প্রজাতিৰ এই ভেকুলীবোৰ বিশ্বত প্রাণীবিজ্ঞানীসকলে আৱিষ্কাৰ কৰিব পৰা নাছিল৷ ইকুৱেডৰৰ এণ্ডিছ পর্বতৰ নামনিত আটাইকেইটা নতুন প্রজাতিৰ ভেকুলীৰ সন্ধান পোৱা গৈছে৷ উল্লেখনীয় যে দেশখনৰ দুখন ৰাষ্ট্রীয় উদ্যানৰ গভীৰ অৰণ্যত পোৱা গৈছে এই ভেকুলীবোৰৰ অস্তিত্ব৷ অৱশ্যে এই ভেকুলীবোৰৰ অস্তিত্বলৈ বিপর্যয় নামি আহিছে ভয়াৱহভাৱে অৰণ্য ধ্বংস অভিযানৰ ফলত৷ প্রাণীবিজ্ঞানীসকলে ইয়াৰ সংৰক্ষণৰ দাবী উত্থাপন কৰিছে৷