নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: কানপুৰ, ২৭ অক্টোবৰ ঃ পত্নীয়ে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলাইছে, কিন্তু পত্নীৰ জীৱন ৰক্ষা কৰাৰ বিপৰীতে সমগ্র ঘটনাৰ ভিডিঅ’ ৰেকর্ডিং কৰিছে স্বামীয়ে৷ আনকি পত্নীৰ মৃত্যু হোৱাৰ পিছতো স্বামীৰ কোনো প্রতিক্রিয়া নাই৷ চিকিৎসকক খবৰ দি পত্নীৰ জীৱন ৰক্ষা কৰাৰো চেষ্টা নকৰিলে পাষাণ হূদয়ৰ স্বামীয়ে৷ এই মর্মান্তিক ঘটনাটো ঘটিছে উত্তৰ প্রদেশৰ কানপুৰত৷ সঞ্জীৱ আৰু সবিতা কানপুৰৰ দম্পতী৷ পাৰিবাৰিক অশান্তিৰ বাবে ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায় সবিতাই৷ প্রথমবাৰ ব্যর্থ হয় যদিও দ্বিতীয়বাৰ আত্মঘাতী হয় মহিলাগৰাকী৷ সমগ্র ঘটনাটো ঘটিছে স্বামীৰ চকুৰ সন্মুখত৷ এই ঘটনাক লৈ সবিতাৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ৷ অৱশ্যে আৰক্ষীয়ে এই বাতৰি যুগুতোৱাৰ পৰলৈ অভিযুক্ত সঞ্জীৱক গ্রেপ্তাৰ কৰা নাই৷