শ্রীমন্ত শংকৰ সংঘৰ ৰোষত এইবাৰ বৌদ্ধ ধর্ম: চৰাইদেউত বৌদ্ধ বিহাৰ দর্শনৰ অপৰাধতে সংঘৰ পৰা বহিষ্কাৰ তিনি পৰিয়াল
ঃ নাম পাতি জৰিমনা ভৰি শুদ্ধিকৰণৰ ব্যৱস্থা সংঘৰ
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: আহোমৰ চকলং পদ্ধতিৰে অনুষ্ঠিত কৰা বিবাহত উপস্থিত থাকি শ্রীমন্ত শংকৰ সংঘৰ চাৰিটা সংঘৰ শৰণাধীন পৰিয়ালক সংঘৰ পৰা বহিষ্কাৰ কৰা ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ বৌদ্ধ ধর্মক অপমান কৰি বিতর্কত সোমাই পৰিছে মহাপুৰুষজনাৰ অনুগামী সংঘ৷ জানিব পৰা মতে, চৰাহদেউ জিলাৰ লংপতীয়া জুটুলনীত বৌদ্ধ বিহাৰ দর্শন কৰিবলৈ যোৱা বাবেহ সংঘৰ পৰা বহিষ্কাৰ কৰিলে তিনিটা পৰিয়ালক৷ লংপতীয়া জুটুলনী গাঁৱৰ শ্রীমন্ত শংকৰদেৱ সংঘৰ মিলন প্রাথমিক গোটৰ বুলু শহকীয়া, নিৰু গগৈ আৰু ৰীতা গগৈয়ে গাঁৱৰে কেহগৰাকীমান মহিলাৰ হৈতে সাপেখাতী ৰহণ শ্যাম গাঁওস্থিত বৌদ্ধ বিহাৰ চাবলৈ গৈছিল৷ বৌদ্ধ বিহাৰ চাবলৈ যোৱা বাবেহ মিলন প্রাথমিকে জৰুৰী সভা অনুষ্ঠিত কৰি তিনিটা পৰিয়ালকে সংঘৰ পৰা বহিষ্কাৰ কৰে৷
লগতে সংঘলৈ ঘূৰি আহিবলৈ নাম পাতি জৰিমনা ভৰিব লাগিব বুলি জনায়৷ কিন্তু হয়াৰে নিৰু গগৈৰ পৰিয়ালে পুনৰ শংকৰ সংঘৰ বিধিৰে শুদ্ধি হয় যদিও বুলু শহকীয়া পৰিয়াল আৰু ৰীতা গগৈ পৰিয়ালে জুটুলনী অনাসংঘৰ সমাজত যোগদান কৰে৷ চকলং পদ্ধতিৰে অনুষ্ঠিত কৰা বিবাহত উপস্থিত হোৱা বাবে চাৰিটা পৰিয়ালক অপমান কৰি আহোম জাতিটোকে অপমান কৰাৰ দৰে বৌদ্ধ বিহাৰ দর্শন কৰা কাৰণেহ যদি তিনিটাকৈ পৰিয়ালক সংঘৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰাৰ দৰে সিদ্ধান্ত লোৱা হৈছে, তেন্তে প্রকৃততে বৌদ্ধ ধর্মাৱলম্বী লোকসকলক অপমানেহ নহয় ঘৃণা কৰা হৈছে বুলিও এতিয়া সমগ্র অঞ্চলটোতে ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷