পর্যটকৰ বেশেৰে কাজিৰঙাত ধর্ম প্ৰচাৰ : জৰিমনা বিহি ওভতাই পঠিয়ালে জাৰ্মানীলৈ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ যোৱা ২৫ অক্টোবৰৰ পৰা কাজিৰঙাৰ এখন ৰিজর্টত বাহৰ পাতি খ্ৰীষ্ট ধর্ম প্ৰচাৰ চলোৱা ৭ জন জার্মান পর্যটকৰ প্ৰতিজনৰ পৰা ৫০০ ডলাৰকৈ জৰিমনা আদায় কৰি আজি আৰক্ষীয়ে বলপূর্বক স্বদেশলৈ প্ৰেৰণ কৰিছে৷ নিয়ম অনুসৰি পর্যটন ভিছা লৈ ভাৰতত প্ৰৱেশ কৰা পর্যটকে ধর্মপ্ৰচাৰ অথৱা ধর্মীয় কাম-কাজত অংশগ্ৰহণ কৰিব নোৱাৰে৷ ইয়াৰ বাবে সুকীয়া নীতি-নিয়মৰ মাজেৰে ভিছা প্ৰদান কৰা হয়৷ অর্থাৎ লোককেইজনে ভিছাৰ নিয়ম ভংগ কৰিছিল৷ যাৰ বাবে কালি ৭ জন জার্মান পর্যটকৰ লগতে ঝাৰখণ্ডৰ এজন লোককো আৰক্ষীয়ে আটক কৰি যোৱা ২৪ ঘন্টা নজৰবন্দী কৰি ৰাখিছিল৷ পর্যটককেইজনৰ লগত অহা ঝাৰখণ্ডৰ মুকুট বড্ৰা নামৰ ব্যক্তিজনে নিজকে টুৰ অপাৰেটৰ বুলি দাবী কৰিছিল৷ জানিব পৰা অনুসৰি, স্থানীয় তেৰাং উপাধিৰ এজন খ্ৰীষ্টানধর্মী মানুহৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কার্বি আংলঙৰ বিভিন্ন এলেকাত খ্ৰীষ্ট ধর্মীয় কামকাজত অংশ লৈছিল৷ এই খবৰ লাভ কৰাৰ লগে লগেই লোককেইজনক আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে Mr. Asmus Merten, Miss Bloemlisa Aimee, Mr. Von Oheimb Cornelia Elisaveth Friederike, Mr. Hinrich Andreas, Mr. Michael Erich Schaper, Mrs Olearius Chrisia Dorothea নামৰ জার্মান ব্যক্তিকেইজনৰ লগতে মুকুট বড্ৰা নামৰ ঝাৰখণ্ডৰ এজন লোককো আটক কৰিছিল৷ আজি কেউজন লোককে জৰিমনা আদায় কৰাৰ পিছত বলপূর্বক গুৱাহাটী এয়াৰপর্টৰ পৰা তেওঁলোকৰ নিজ নিজ খৰচত স্বদেশলৈ প্ৰেৰণ কৰিছে৷ ইফালে, আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি.পি. সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এনে ধৰণে ভিছাৰ নিয়ম ভংগ কৰি ধর্মীয় কাম-কাজত জড়িত হোৱা কেইবাজনো লোক আৰক্ষীৰ জালত পৰিছে৷ বিশ্বনাথত বাংলাদেশৰ পৰা অহা ১৭জন, নাহৰকটীয়াত ছুইডেনৰ পৰা অহা ৩জন আৰু শেহতীয়াকৈ কাজিৰঙাত ৭জন পর্যটকে ভিছাৰ নিয়ম ভংগ কৰি ধর্মীয় কাম-কাজত অংশগ্ৰহণ কৰিছিল৷ ইয়াকে ধৰি এনে মুঠ ২৭জন লোক আৰক্ষীৰ হাতত আটক হৈছে৷ ভৱিষ্যতে যাতে কোনো বিদেশী লোক পর্যটকৰ বেশত আহি ধর্মীয় কাম-কাজত অংশ ল’ব নোৱাৰে তাৰ বাবে বিশেষ নজৰ ৰখা হ’ব৷ আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান গৰাকীয়ে লগতে কয় যে, পূর্বৰ দিনবোৰত মিছনেৰী ভিছা লৈ আহি ধর্মপ্ৰচাৰৰ কামত বিদেশী লোক জড়িত হৈছিল৷ কিন্তু এতিয়াৰ পৰা এই ক্ষেত্ৰত কঠোৰ বাধা-নিষেধ আৰোপ কৰা হ’ব৷ কোনো সৰল-সহজ লোককে চলে-বলে-কৌশলে যাতে ধর্মান্তৰকৰণ কৰিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰখা যাব৷ ইতিমধ্যে, এই সন্দর্ভত সকলো জিলাৰে আৰক্ষী অধীক্ষকসকলক সচেষ্ট্ হৈ থাকিবলৈও নির্দেশনা জাৰি কৰাৰ কথাও শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে৷
প্ৰেৰক ৰঞ্জিত ৰজক