শ্রীমন্ত শংকৰদেৱ সংঘ কোনো জাতি–জনগোষ্ঠীৰ ৰীতি–নীতি–পৰম্পৰাৰ বিৰোধী নহয়; বৰঞ্চ শ্রদ্ধাশীল
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: যোৰহাট জিলাৰ মৰিয়নিত আহোম জনগোষ্ঠীৰ চকলং প্রথাৰে অনুষ্ঠিত বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ গৈ শ্রীমন্ত শংকৰদেৱ সংঘৰ অন্তর্ভুক্ত চাৰিটা পৰিয়াল সমাজচ্যুত হোৱা বুলি চর্চিত বাতৰিয়ে সমগ্র অসমজুৰি জোকাৰণি সৃষ্টি কৰিছে৷ এই সন্দর্ভত নগাঁৱত শ্রীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কার্যালয়ত নিজস্ব প্রতিক্রিয়া ব্যক্ত কৰে সংঘৰ কেন্দ্রীয় সমিতিয়ে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই কয় যে চকলং বিবাহ সম্পর্কত সংঘৰ কেন্দ্রীয় সমিতিৰ কোনো সিদ্ধান্ত নাই৷ স্থানীয়ভাৱে কোনো শাখা সমিতিয়ে লোৱা ব্যৱস্থা সম্পর্কত কেন্দ্রীয় সমিতিয়ে বর্তমানলৈকে পর্যালোচনা কৰা নাই৷
বৰাই কয়– ‘শ্রীমন্ত শংকৰদেৱ সংঘ কোনো জাতি–জনগোষ্ঠীৰ ৰীতি–নীতি–পৰম্পৰাৰ বিৰোধী নহয়৷বৰঞ্চ সকলোৰে প্রতি শ্রদ্ধাশীল৷ স্থানীয়ভাৱে লোৱা কোনো ব্যৱস্থাই যদি জাতি–জনগোষ্ঠীৰ পৰম্পৰা–ৰীতি–নীতিত আঘাত হানিছে, তেন্তে তাক আলোচনাৰে সমাধান কৰাৰ আমি পক্ষপাতী৷ কাৰণ অসমৰ প্রতিটো জাতি–জনগোষ্ঠীৰ ৰীতি–নীতিৰ প্রতি আমি শ্রদ্ধাশীল৷’ তেওঁ লগতে কয়– চকলং প্রথাৰে অনুষ্ঠিত বিবাহত অংশগ্রহণ কৰা বিষয়ক কেন্দ্র কৰি যি অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ বাবে তাই আহোম জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লগত আলাপ–আলোচনাৰে বিষয়টো সমাধান কৰাত আমি আগ্রহী৷ আমি সমগ্র বিষয়টো সম্পর্কত দুখ প্রকাশ কৰিছোঁ৷ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই শ্রীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত বিবাহ পদ্ধতিকে ধৰি বিভিন্ন বিষয় সন্নিৱিষ্ট আছে বুলি উল্লেখ কৰি কয়– ‘সংঘৰ কোনো সংগীয়ে যদি অনুশাসন অমান্য কৰে, তেন্তে সংবিধান অনুযায়ী আমি ব্যৱস্থা গ্রহণ কৰোঁ৷’
সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ কয় যে নামধর্মৰ বাহিৰে অন্য প্রক্রিয়াৰে সংঘৰ সংগীয়ে বিবাহকার্য সম্পন্ন কৰিলে সংঘৰ নীতি–নিয়ম ভংগ হ’ব৷ কিন্তু এনেধৰণৰে নীতি–নিয়ম ভ্রষ্ট হ’লেও ইয়াক সংশোধন কৰাৰ উপায় আছে৷ সংঘৰ সংগীৰ চোতালৰ পৰা চকলং প্রথা বা বৈদিক প্রথাৰে বিবাহকার্য সম্পন্ন হৈছে৷ ২০ দিনৰ পাছত সেৱা অনুষ্ঠিত কৰি তেওঁলোক পুনৰ সংশোধন হয়৷ তেওঁ কয়– আমাৰ সংবিধানত যদি জটিলতা আহে, সংঘৰ সংগীৰ পৰামর্শক্রমে, প্রাথমিক–আঞ্চলিকৰ পৰামর্শক্রমে ইয়াক সংশোধন কৰা হ’ব৷ সংঘৰ যদি অনুশাসন নাথাকে, তেন্তে তেনে সংগঠন জীয়াই থাকিব নোৱাৰে৷ আমাৰ সংবিধানত জাতি–জনগোষ্ঠীক অশ্রদ্ধা কৰা বা সাম্প্রদায়িক মন্তব্য নাই৷ সকলো জাতি–জনগোষ্ঠীক লগত লৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে দেখা বৰ অসমৰ সপোনহে আমি দেখি আহিছেছা৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদকজনে বিভ্রান্তি আঁতৰোৱাৰ ক্ষেত্রত সাংবাদিকসকলক সহায় কৰিবৰ বাবে আহ্বান জনায়৷
সংবাদ মেলত উপস্থিত থকা শ্রীমন্ত শংকৰদেৱ সংঘৰ উপদেশ ভবেন্দ্রনাথ ডেকাই অসমত বসবাস কৰা বডো, আহোম, তিৱা, কছাৰী সকলো জাতি–জনগোষ্ঠী মিলি এক অসমীয়া জাতি হোৱাটোৱেই আমাৰ লক্ষ্য বুলি মন্তব্য কৰে৷ সংবাদ মেলত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, যুটীয়া সম্পাদক ডাঃ দুর্লভ পাঠকো উপস্থিত থাকে৷