নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ আটাইতকৈ বেছি টেটু কৰা লোকজন-লাকী ডাইমণ্ড ৰিচ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: মানুহে নিজৰ চখ পূৰণৰ বাবে যিকোনো কাম কৰিব পাৰে। আনকি বহু লোকে ইয়াৰ বাবে নিজৰ জীৱনকো বিপদত পেলাইছে। বৰ্তমান বহু লোকে বিশেষকৈ যুৱপ্ৰজন্মই দেহৰ বিভিন্ন ঠাইত টেটু কৰিবলৈ ভাল পায়। কিন্তু আচৰিত কথা এয়ে যে পৃথিৱীত এনে এজন ব্যক্তিও আছে, যি টেটু কৰাৰ প্ৰতি ইমানেই আকৰ্ষিত যে তেওঁ এইক্ষেত্ৰত বিশ্ব অভিলেখ কৰিছে। হয়, পৃথিৱীত এনে এজন মানুহ আছে, যাৰ শৰীৰত সৰ্বাধিক টেটু আছে। নিউজিলেণ্ডৰ এইগৰাকী বিশেষ ব্যক্তিৰ নাম হৈছে লাকী ডাইমণ্ড ৰিচ।

   গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেবছাইটত প্ৰকাশিত খবৰ অনুসৰি লাকীৰ গোটেই শৰীৰত টেটু কৰিবলৈ মুঠ ১০০০ ঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন হৈছে। উল্লেখ্য যে ১৬ বছৰ বয়সতে তেওঁ প্ৰথম টেটু কৰাইছিল আৰু ২৮ বছৰ বয়সত লাকী ডাইমণ্ড ৰিচৰ সমগ্ৰ শৰীৰটো টেটুৰে ঢাক খাই পৰিছিল।

    মন কৰিবলগীয়া যে লাকীৰ চকুৰ পতা, দাত আৰু কাণৰ বহু ভিতৰৰ অংশতো টেটু কৰা হৈছে। লাকীয়ে এই সন্দৰ্ভত কয় যে তেওঁ টেটুৰ প্ৰতি তেওঁ আকৰ্ষিত আৰু টেটু কৰি বহুত ভাল পায়। তেওঁৰ বিষয়ে মানুহে কি ভাবে তাৰ প্ৰতি তেওঁ কেতিয়াও গুৰুত্ব নিদিয়ে। কাৰণ তেওঁ নিজকে বহুত ভাল পায়।

                         

                                                   -প্ৰণৱজ্যোতি মহন্ত

You might also like