নৱজাতকৰ নামকৰণেৰে কোটিপতি মহিলা
নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : বিশ্বৰ বিভিন্ন স্থানত অকল্পনীয় পেছাত নিয়োজিত হয় বহু লোক৷ তেনে পেছাত নিয়োজিত এগৰাকী নিউয়র্কৰ বাসিন্দা মহিলা হৈছে টেলৰ এ হামফ্রে৷ ৩৩ বছৰীয়া টেলৰে বহু দম্পতীৰ নৱজাতকৰ নাম ৰাখি লাভ কৰি আহিছে প্রচুৰ ধন৷ বহু পিতৃ–মাতৃয়ে নিজ সন্তানৰ নাম কি ৰাখিব সেয়া নিশ্চিত কৰিব নোৱাৰি টেলৰৰ ওচৰ চাপে৷ তেতিয়াই শিল্পী তথা বিখ্যাত লোকসকলৰ নামেৰে নৱজাতকৰ নামকৰণ কৰে টেলৰে৷ আমেৰিকাত এতিয়া সন্তানৰ নামকৰণৰ ক্ষেত্রত পিতৃ–মাতৃৰ সমস্যা সমাধান কৰিবলৈ ভাৰতীয় মুদ্রাৰ হিচাপত ডেৰ লাখ টকা পর্যন্ত গ্রহণ কৰে টেলৰে৷ অৱশ্যে টেলৰে নাম ৰখা নৱজাতকসকলৰ নামৰ অর্থই আমেৰিকান সংস্কৃতি আৰু মূল্যবোধক বহন কৰাটো বাধ্যতামূলক হ’ব লাগিব৷