নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটীবাছত ই–টিকেটিং সেৱা বাধ্যতামূলক জিলা পৰিবহণৰ

  • মহানগৰ জিলা পৰিবহণৰ অভিযান
  • নির্দেশনা উলংঘা কৰা ১০খন চিটীবাছ জব্দ

 

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : গুৱাহাটী মহানগৰীত চলাচল কৰা ব্যক্তিগত খণ্ডৰ চিটীবাছত আজিৰে পৰা আৰম্ভ হ’ল ই–টিকেটিঙৰ ব্যৱস্থা৷ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ নির্দেশমর্মে আজিৰে পৰা চিটীবাছত ই–টিকেটিঙৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে৷ গুৱাহাটী মহানগৰীত ব্যক্তিগত খণ্ডৰ প্রায় ৫০০চিটীবাছৰ চলাচল কৰি আছে৷ পৰিবহণ বিভাগৰ নির্দেশনা মানি ইয়াৰ ভিতৰত ৩৬০খন চিটীবাছতহে ই–টিকেটিঙৰ ব্যৱস্থা কৰা হৈছে৷ এতিয়া ১৪০খন চিটীবাছত ই–টিকেটিঙৰ ব্যৱস্থা কৰা হোৱা নাই৷ যোৱা ১৪ অক্টোবৰত এক নির্দেশনাযোগে পহিলা নৱেম্বৰৰ পৰা মহানগৰীত ই–টিকেটিঙৰ ব্যৱস্থা থকা চিটী বাছহে চলাচল কৰিব পাৰিব বুলি নির্দেশনা জাৰি কৰিছিল৷

পৰিবহণ বিভাগে চিটীবাছ মালিক সন্থাৰ সৈতে আলোচনাত মিলিত হৈ ৩১ অক্টোবৰৰ ভিতৰত চিটীবাছসমূহত ই–টিকেটিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু পৰিবহণ বিভাগৰ নির্দেশনাক অমান্য কৰি আজি ই–টিকেটিঙৰ ব্যৱস্থা নকৰা একাংশ চিটীবাছ মহানগৰীৰ ৰাজপথত চলাচল কৰা পৰিলক্ষিত হয়৷ ইফালে পৰিবহণ বিভাগে আজি পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত চিটীবাছসমূহত অভিযান চলায়৷ এই অভিযানত ই–টিকেটৰ ব্যৱস্থা নকৰাকৈ চলাচল কৰা ১০খন চিটীবাছ জব্দ কৰে বুলি পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিছে৷ লগতে তেওঁ প্রতিগৰাকী যাত্রীক ই–টিকট প্রদান কৰিবলৈ চিটীবাছৰ পৰিচালকক আহ্বান জনোৱাৰ লগতে যাত্রীসকলকো ই–টিকট ল’বলৈ অনুৰোধ জনায়৷ গুৱাহাটী মহানগৰীত প্রথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ চিটীবাছত আৰম্ভ কৰা ই–টিকেটিঙৰ ব্যৱস্থাই যাত্রীৰ পৰা অত্যধিক ভাৰা সংগ্রহৰ অভিযোগ নাইকিয়া কৰিব বুলি পৰিবহণ বিষয়াগৰাকীয়ে আশা কৰে৷

ইফালে মহানগৰ জিলা চিটীবাছ মালিক সন্থাই ই–টিকেটিঙৰ ব্যৱস্থা নথকা চিটীবাছ মালিকসকলক পৰিবহণ বিভাগৰ নির্দেশনা মানি বাছৰ চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনাইছে৷ ইয়াৰ মাজতে একাংশ চিটীবাছ মালিকে ই–টিকেটিঙৰ ব্যৱস্থা নকৰাকৈ মহানগৰীৰ ৰাজপথত চিটীবাছৰ চলাচল অব্যাহত ৰাখিছে৷ তদুপৰি ই–টিকেটিঙৰ ব্যৱস্থা বাধ্যতামূলক কৰাৰ পাছতো চিটীবাছৰ পৰিচালকে যাত্রীক ই–টিকট প্রদান কৰা নাই৷ আজিৰে পৰা চিটীবাছত বাধ্যতামূলক ই–টিকেটিঙৰ ব্যৱস্থাই অনাগত দিনত কি ৰূপ লয় সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like