মোদী-শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা
বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ হিমাচল প্ৰদেশৰ পিছত গুজৰাটতো বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে। গুজৰাটৰ ১৮২খন বিধানসভা আসনৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১ ডিচেম্বৰত ৮৯খন বিধানসভাৰ আসনৰ বাবে আৰু ৫ ডিচেম্বৰত ৯৩খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে হিমাচল প্ৰদেশৰ সমান্তৰালকৈ ৮ ডিচেম্বৰত ভোটগণনা কৰা হ’ব। প্ৰথম পৰ্যায়ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ১৪ নৱেম্বৰত শেষ হ’ব। দ্বিতীয় পৰ্যায়ৰ বাবে ১০ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ মনোনয়ন দাখিল কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ ৮৯খন আসনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৮ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ ৯৩খন আসনৰ বাবে ২১ নৱেম্বৰ। গুজৰাটত মুঠ ৪ কোটি ৯০ লাখ ৮৯ হাজাৰ ৭৬৫জন ভোটাৰ আছে। ইয়াৰ ভিতৰত আছে পুৰুষ ভোটাৰ ২ কোটি ৫৩ লাখ ৩৬ হাজাৰ ৬১০ আৰু ২ কোটি ৩৭ লাখ ৫১ হাজাৰ ৭৩৮ মহিলা ভোটাৰ। ১৮২জনীয়া গুজৰাট বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ ১৮ ফেব্ৰুৱাৰীত শেষ হ’ব। নিৰ্বাচন আয়োগে জনোৱা মতে, গুজৰাট বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ৩ লাখ ২৪ হাজাৰ ৪২২ জন নতুন ভোটাৰে ভোটদান কৰিব। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হ’ল ৫১,৭৮২টা। ৰাজ্যত স্থাপন কৰা ভোট কেন্দ্ৰসমূহৰ কমেও ৫০%ত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব। ভোটদানৰ উন্নত অভিজ্ঞতাৰ বাবে ১২৭৪টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা আৰু নিৰাপত্তাৰক্ষীৰ দ্বাৰা পৰিচালিত হ’ব। ১৮২টা ভোটকেন্দ্ৰত ভোটাৰক আদৰণি জনাব ৰাজহুৱা কাম বিভাগে। প্ৰথমবাৰৰ বাবে ৩৩টা ভোটকেন্দ্ৰ স্থাপন কৰি পৰিচালিত হ’ব কনিষ্ঠতম ভোটগ্ৰহণ কৰ্মচাৰীয়ে। নিৰ্বাচন আয়োগে কয়, ” ভোটাৰৰ শতকৰা বৃদ্ধিৰ বাবে নগৰীয়া ৰাইজৰ ভোটদানৰ ক্ষেত্ৰত যি উদাসীনতাৰ প্ৰতি আমি গুৰুত্বসহকাৰে গুৰুত্ব দিছো। প্ৰতিটো বিধানসভা সমষ্টিতে ভোটদানৰ শতকৰা হাৰ কম থকা কেন্দ্ৰ চিনাক্ত কৰা হৈছে, ভোটৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হৈছে।” ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ তাৰিখৰ লগতে গুজৰাটৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা নাছিল। ১৪ অক্টোবৰত আয়োগে ঘোষণা কৰিছিল হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ সময়সূচী, যিটো ১২ নৱেম্বৰত একক পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ৮ ডিচেম্বৰত দুয়োখন ৰাজ্যতে ভোটগণনা হ’ব।