এছিয়ান বক্সিঙত অভিলেখ শিৱ থাপাৰ
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপৰ ইতিহাসত প্রথমগৰাকী পুৰুষ বক্সাৰ ৰূপে ষষ্ঠবাৰলৈ পদক নিশ্চিত কৰি অভিলেখ গঢ়িছে অসম সন্তান শিৱ থাপাই৷ জর্ডানৰ আমানত চলি থকা প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত শিৱই ছাউথ কোৰিয়াৰ মিনছু চ’ইক পৰাজিত কৰি ছেমিফাইনেলত প্রৱেশ কৰিছে৷ ইয়াৰ লগে লগে তেওঁৰ পদক নিশ্চিত হয় আৰু এই কৃতিত্ব অর্জন কৰা প্রথমগৰাকী বক্সাৰ ৰূপে পৰিগণিত হয়৷ ভাৰতক প্রতিনিধিত্ব কৰা তাৰকা বক্সাৰগৰাকীয়ে ৬৩.৫ কেজি লাইট ৱেল্টাৰ ৱেইট শাখাৰ কোৱার্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ বক্সাৰগৰাকীক ৪–১ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে৷ ২৮ বছৰীয়া অসম সন্তান শিৱই খেলখনৰ আৰম্ভণিৰ পৰা শেষলৈকে আধিপত্য বিস্তাৰ কৰি একেৰাহে ষষ্ঠবাৰলৈ পদক নিশ্চিত কৰে৷
বিজয়ৰ লগে লগে শিৱই প্রতিযোগিতাখনত অন্ততঃ ব্রঞ্জৰ পদক জয় কৰাটো নিশ্চিত হয়৷ ইয়াৰ ফলত প্রতিযোগিতাখনত ভাৰতৰ সর্বাধিক সফল বক্সাৰ ৰূপেও ইতিহাস গঢ়ে শিৱই৷ উল্লেখ্য যে ২০১৩ চনত এই প্রতিযোগিতাখনত স্বর্ণপদক জয় কৰা শিৱই ২০১৭ আৰু ২০২১ চনত ৰূপৰ পদক অর্জন কৰিছিল৷ তদুপৰি ২০১৫ আৰু ২০১৯ চনত তেওঁ দখল কৰিছিল ব্রঞ্জৰ পদক৷ আজি শিৱই কাজাখস্তানৰ কিংবদন্তি বক্সাৰ ভেছিলি লেভিটক অতিক্রম কৰাৰ গৌৰৱ অর্জন কৰে৷ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী আৰু দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰা লেভিটে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সর্বাধিক পাঁচবাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ মহিলাৰ কিংবদন্তি বক্সাৰ এম চি মেৰীকম (৭) আৰু এল সৰিতা দেৱী (৮)য়ে শিৱ থাপাতকৈ সর্বাধিক এছিয়ান বক্সিঙৰ পদক দখল কৰিছে৷ কিন্তু অন্য কোনো পুৰুষ বক্সাৰে এছিয়ান বক্সিঙত পাঁচটাতকৈ অধিক পদক অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ আজি অসম সন্তান শিৱ থাপাই ছেমিফাইনেলত প্রৱেশ কৰি এক নতুন ইতিহাস প্রতিষ্ঠা কৰিলে৷ উল্লেখ্য যে চলিত প্রতিযোগিতাখনত অসমৰ আন দুগৰাকী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱেও ছেমিফাইনেলত প্রৱেশ কৰি পদক নিশ্চিত কৰিছে৷