নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্রৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ অসমৰ কলা–সংস্কৃতি আজি ধাৰাবাহিক আৰু পৰিকল্পিত আক্রমণৰ সন্মুখীন হৈছে৷ পাঁচ হাজাৰ বছৰীয়া সনাতন সংসৃক্তিৰ গর্ভত সৃষ্ট আৰু পুৰাতন জনজাতীয় বিশ্বাস আৰু সংসৃক্তিৰ দ্বাৰা লালিত–পালিত হৈ সংবর্দ্ধিত হোৱা বৃহত্তৰ অসমীয়া সংসৃক্তিৰ বৰগছ জোপাত আজি অশুভ সংস্কৃতিৰ পৰিকল্পিত আক্রমণ আমি দেখিবলৈ পাহছোঁ৷ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে পৰিবর্দ্ধিত কৰি থৈ যোৱা অসমীয়া সংস্কৃতিৰ লাইখুটা সত্রসমূহ আজি বিদেশী সংস্কৃতিৰ স্বার্থান্বেষী একাংশ লোকৰ নিৰৱচ্ছিন্ন আক্রমণৰ বলি হৈছে৷ অসমীয়াৰ বাপতিসাহোন বিহুকো আজি সেই বিশেষ চক্রটোৱে বিকৃত ৰূপত উপস্থাপন কৰি সাংসৃক্তিক আক্রমণ অব্যাহত ৰাখিছে৷ এই দিশত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ এক গধুৰ দায়িত্ব আছে৷ অসমৰ জাতি–জনগোষ্ঠীৰ মাজত থকা বৈচিত্র্যময় কলা–কৃষ্টিৰ প্রকৃত বাস্তৱ ৰূপ দাঙি ধৰি কলাক্ষেত্র সমাজে সমগ্র অসমবাসী জনগণৰ মাজত সংস্কৃতি প্রসাৰৰ কামত নিজকে নিয়োজিত কৰক৷ আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ৰূপালী জয়ন্তী বর্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ প্রতি এই আহবান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্বৰ বহু প্রাচীন সংস্কৃতি আন বহিঃসংস্কৃতিৰ ক্রমাগত আক্রমণত নিশ্চিহ্ন হৈ যোৱাৰ অলেখ উদাহৰণ আছে৷ ইউৰোপীয় উপনিবেশ প্রতিষ্ঠা হোৱাৰ বহু পূর্বে কেৰিবিয়ান দ্বীপপুঞ্জ, আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া আদি দেশ তথা মহাদেশসমূহত স্থানীয় বিশ্বাস–সংস্কৃতি আৰু ধর্মই বিৰাজ কৰিছিল৷ আজি সেই সংস্কৃতিসমূহ বিস্মৃতিৰ অটল গহ্বৰত লীন হৈ গল৷ ইউৰোপীয় সংস্কৃতিয়ে সেই থলুৱা সংস্কৃতিসমূহক সম্পূর্ণৰূপে গ্রাস কৰি নিজস্ব সংস্কৃতি প্রতিষ্ঠা কৰিছে৷ যি ঔপনিৱেশিক শক্তিসমূহে এই মহাদেশসমূহৰ মহৎ ধর্ম আৰু সাংস্কৃতিক বিশ্বাসসমূহ সম্পূর্ণৰূপে বিনাশ কৰিলে বা সেইবোৰক সংখ্যালঘুত পৰিণত কৰিলে সেই একেই ঔপনিৱেশিক শক্তিসমূহে কিন্তু ভাৰতৰ স্থানীয় অধিবাসীসকলৰ প্রাচীন বিশ্বাস আৰু পৰম্পৰাসমূহ ধবংস কৰাত সফল নহল বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে ভাৰতীয় সনাতন সভ্যতাত নিহিত শক্তিৰ বাবেই এই সভ্যতা ইউৰোপীয় শক্তিৰ সন্মুখত অপৰাজেয় হৈ থাকি গল৷ সংস্কৃতিক এক গতিশীল সমাজ জীৱনৰ আধাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংস্কৃতিয়ে একোটা জাতিৰ স্বকীয় পৰিচয় গঢ় দিয়ে৷ সেয়েহে প্রতিগৰাকী ব্যক্তি নিজৰ কৃষ্টি–সংস্কৃতিৰ সৈতে সুপৰিচিত হোৱাটো জৰুৰী৷ কোনো এটা অঞ্চলৰ সাংস্কৃতিক উপাদানসমূহৰ অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত জ্ঞান, চিন্তাধাৰা আৰু মূল্যবোধৰ সম্পর্কে স্পষ্ট আভাস দিয়ে৷ নৃগোষ্ঠীয়, জনজাতীয় পৰম্পৰাগত ৰীতি–নীতি আৰু অন্যান্য সম্প্রদায়ৰ মাজতেই অসমৰ বিচিত্রতা আৰু স্পন্দনশীলতা নিহিত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী শর্মাই কয় যে জনজাতীয় লোকসকলৰ থলুৱা বিশ্বাস আৰু সংসৃক্তিৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে ইয়াৰ সংৰক্ষণৰ দিশত শক্তিশালী পদক্ষেপ লবলৈ ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰিছে৷ অসমৰ স্বকীয় কলা–সংস্কৃতিৰ সুৰক্ষা আৰু প্রচাৰ তথা প্রসাৰত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ দায়িত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন জনগোষ্ঠীৰ লোক সংস্কৃতি, লোক–নৃত্য, লোক–বাদ্য, সামাজিক পৰম্পৰা আৰু ৰীতি–নীতিৰ আর্হিৰে জনমানসত প্রভাৱ বিস্তাৰ কৰিব পৰা ধৰণৰ কার্যসূচী বেছিকৈ গ্রহণ কৰিবলৈ কলাক্ষেত্র সমাজক আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্ববাসীৰ সন্মুখত অসমৰ অন্যতম গৌৰৱৰ স্থলী হিচাপে কলাক্ষেত্রক লালন–পালন কৰাৰ এটা মন লৈ ইয়াৰ সৈতে জড়িত সকলো পক্ষই আত্মনিয়োগ কৰিবলৈ সংকল্প লব লাগিব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রতিষ্ঠাৰ পৰা উত্তৰণৰ দীঘলীয়া যাত্রাৰ আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহুজনৰ ত্যাগ, কষ্ট, পৰিশ্রম আৰু পৰিকল্পনাৰ ফচল হৈছে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র৷ অসম চুক্তিৰ ৬নং দফাৰ আলমতে পৰৱর্তী সময়ত এই কলাক্ষেত্র গঢ় লৈ উঠিছিল বুলি উল্লেখ কৰি ড০ শর্মাই অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ লগতে এই প্রকল্পৰ বিষয়ে প্রথমে প্রস্তাৱ আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, চলচিচত্র নির্মাতা ড০ ভবেন্দ্র নাথ শইকীয়া প্রমুখ্যে যিসকল ব্যক্তিৰ আশাশুধীয়া প্রচেষ্টাত কলাক্ষেত্রই আজিৰ ৰূপ লাভ কৰিছে তেখেতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ তেওঁ কয় যে বিগত বছৰবোৰত ৰাজ্যৰ বাৰেৰহণীয়া কলা–সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰৰ দিশত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই বহু উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰি অহা পৰিলক্ষিত হৈছে৷ সময়ে সময়ে বিভিন্ন জনগোষ্ঠীয় সমাৰোহৰ আয়োজনেৰে অঞ্চলটোৰ কৃষ্টি–সংস্কৃতিৰ সৈতে স্থানীয় জনসাধাৰণৰ লগতে দেশী–বিদেশী পর্যটকসকলক পৰিচিত কৰাত কলাক্ষেত্রই প্রশংসনীয় ভূমিকা লবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ অনুষ্ঠানত মন্ত্রী অতুল বৰা, সাংস্কৃতিক মন্ত্রী বিমল বৰা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উপ–সভাপতি জিতুল সোণোৱাল, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, সাংসৃক্তিক বিভাগৰ সচিব লয়া মাদ্দুৰী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তী, সংগীত নাটক একাডেমী বঁটাপ্রাপক যশস্বী নৃত্যশিল্পী যতীন গোস্বামী আৰু বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰী প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like