বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ হাতীৰ পালে মৰিয়নিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায়েই আছে। মৰিয়নিৰ কাটনীবাৰী আৰু চৈকটা চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা হাতীৰ পালটোক কিছুদিন পূৰ্বে বন বিভাগে অভয়াৰণ্যখনলৈ উভতাই আনিছিল যদিও পুনৰ পালটো ওলাই গৈ কাটনীবাৰী চাহ বাগিচাৰ মাজত আশ্ৰয় লয়গৈ। দিনৰ ভাগত চাহ বাগিচাখনৰ মাজত থকা হাবিতলীয়া এক স্থানত আশ্ৰয় লৈ থাকি আন্ধাৰ হোৱাৰ লগে লগে হাবিৰ পৰা ওলাই আহে। এইদৰে ওলাই অহা হাতীৰ পালটোৱে ৰে’ল লাইন পাৰ হোৱাৰ পিছত নগাধুলীৰ সমীপত ধোদৰ আলি পাৰ হৈ জনাঞ্চলত প্ৰৱেশ কৰে। নগাধুলী, হাতীপটি, হাতীজুৰি, বিজয়পুৰ, গঞ্জু গাঁও, জেঙনি, নামৰূপীয়া, চাওৰা বস্তি আদি অঞ্চলত উপদ্ৰৱ চলাইছে। বিগত দুদিনমান ধৰি হাতীপালে ধাননি পথাৰত সোমাই পকা ধান তহিলং কৰি পেলাইছে। শেহতীয়াকৈ হাতীৰ পালটোৱে বাঁহনীৰ সমীপৰ দ-লাহিং অঞ্চলটো প্ৰৱেশ কৰিছে। এতিয়া হাতীৰ পালটো কোনোদিনে নোযোৱা ঠাইলৈও যাবলৈ লৈছে। উল্লেখযোগ্য যে, বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই মৰিয়নি আৰু তিতাবৰৰ বহু ঠাইত ৰাইজে ধান খেতি কৰিবলৈ বাদ দিলে। ফলত হাতীৰ পালটোৱে ধাননি বিচাৰি নতুন নতুন ঠাইত প্ৰৱেশ কৰিছে । ফলত এনেবোৰ অঞ্চলৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। বন বিভাগৰ লোকে হাতীৰ পালটোক খেদি পঠোৱাৰ চেষ্টা চলাই যদিও অতি আগ্ৰাসী স্বভাৱৰ হৈ পৰা হাতীখিনিয়ে একোলৈকে ভয় নকৰাৰ দৰে হৈ পৰিছে। দিনে দিনে বৃদ্ধি পাই অহা হাতী মানুহৰ সংঘাতে অধিক ভয়াবহ ৰূপ লোৱাৰ আশংকা ক্ৰমশঃ তীব্ৰ হৈ উঠিছে। এই ক্ষেত্ৰত বন বিভাগে সময় থাঁকোতেই বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণৰ প্ৰাসংগিকতা আহি পৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া