নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্যনিৰ্বাহকত সিদ্ধান্তঃ বিকল্প ৰাজনৈতিক দল গঠনত সহমত নাই যুৱ–ছাত্র পৰিষদৰ

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদৰ মাজতে বিকল্প ৰাজনৈতিক দল গঠনক লৈ আৰম্ভ হোৱা কুচকাৱাজ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ প্রতিষ্ঠাকালৰে পৰা জাতিৰ সংকটত মাত মাতি অহা যুৱ–ছাত্র পৰিষদে ভৱিষ্যতেও অব্যাহত ৰাখিব অৰাজনৈতিক চৰিত্র৷

দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত হোটেল অলংকাৰত এখন সংবাদ মেলত এই কথা সদৰী কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে বিকল্প ৰাজনৈতিক দল গঠনত যুৱ–ছাত্র পৰিষদৰ সহমত নাই৷ ইয়াৰ বিপৰীতে ‘কা’বিৰোধী আন্দোলনক অধিক শক্তিশালীভাৱে আগুৱাই নিয়াতহে সংগঠনটোৱে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘যুৱ–ছাত্র পৰিষদে ৰাজনৈতিক দল গঠনৰ চিন্তা–চর্চা নকৰে আৰু সক্রিয় ৰাজনীতিত অংশ নলয়৷ আমাৰ অৰাজনৈতিক চৰিত্র সদায় অক্ষুণ্ণ ৰাখিম৷ ‘কা’ বাতিল কৰাই আমাৰ প্রধান লক্ষ্য৷ ‘কা’বিৰোধী স্থিতিত আমি সদৌ অসম ছাত্র সন্থাৰ লগত আছোঁ৷ কিন্তু ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত ছাত্র সন্থাৰ সিদ্ধান্ত ৰূপায়ণ কৰিবলৈ গ’লে ৰাইজৰ ৰোষত পৰিব লাগিব৷ বিজেপিবিৰোধী স্থিতিত আমি অটল আছোঁ৷ কিন্তু বিজেপিৰ বিকল্প ৰাইজে নির্ধাৰণ কৰিব৷’

উল্লেখ্য যে দেওবাৰে যুৱ–ছাত্র পৰিষদৰ কার্যনির্বাহক সভা অনুষ্ঠিত হয়৷ এই সভাত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়৷ বিশেষকৈ ‘কা’বিৰোধী আন্দোলন সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷ সেই অনুসৰি অহা এপ্রিলৰ প্রথম সপ্তাহত গুৱাহাটীত সংগঠনটোৰ কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ এই অধিৱেশনত ‘কা’ৰ বিৰুদ্ধে আন্দোলন আগুৱাই নিয়া সন্দর্ভত আলোচনা কৰা হ’ব৷ একে সময়তে সংবাদ মেলত ‘কা’বিৰোধী আন্দোলন স্তিমিত হোৱা যেন অনুভৱ কৰা বুলি মন্তব্য কৰি চাংমায়ে সকলো দল–সংগঠনক ঐক্যবদ্ধভাৱে সংগ্রাম অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷

ইপিনে, শেহতীয়াভাৱে উগ্রবাদী সংগঠন আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি চাংমায়ে কয়– ‘বড়ো শান্তি চুক্তিৰ বিষয়ে কালিৰ কার্যনির্বাহকত আলোচনা কৰা হৈছে৷ এটা জনজাতিৰ সমস্যা সমাধানৰ নামত আন জাতি–জনগোষ্ঠীৰ মৌলিক অধিকাৰ খর্ব হ’ব নোৱাৰিব৷’ একেদৰে বিজনীত টোলগেট পুনৰ মুকলি কৰাৰ ক্ষেত্রত যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদকজনে কয় যে টোলগেট মুকলিৰ পূর্বে আলোচনাৰ আশ্বাস দিছিল ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে৷ কিন্তু কোনো আলোচনা নোহোৱাকৈ টোলগেট মুকলিৰ দিশে আগবাঢ়িছে৷ টোলগেট সম্পর্কীয় সকলো নীতি–নিয়ম উলংঘা কৰি ৰহাত টোলগেট মুকলি কৰিব বিচৰা হৈছে৷ ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰা হ’ব৷

You might also like