চাহ জনজাতি মহিলা সমিতিৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সম্পাদিকাক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ ‘আটুৱা’ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত হোৱা মৰিয়নিৰ জ্যোতি কুশল দাসলৈ আজি অভিনন্দন জনাই এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই উপলক্ষ্যে অসম চাহ জনজাতি মহিলা সমিতিৰ মৰিয়নি শাখাৰ উদ্যোগত আজি মৰিয়নিৰ চাহ জনজাতি ছাত্ৰাৱাসত এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হয় । ‘আটুৱা’ মৰিয়নি শাখাৰ সভানেত্ৰী উষা কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত সম্পাদিকা সন্ধ্যা টংলাই । আদৰণি ভাষন প্ৰদান কৰে মৰিয়নি শাখাৰ সভাৰ উপ-সভানেত্ৰী মন্দিৰা গঞ্জুয়ে । এই সভাতেই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত হোৱা জ্যোতি কুশল দাসৰ লগতে প্ৰচাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত হোৱা প্ৰিয়ংকা প্ৰজা আতু কাৰ্য্যনিৰ্বাহক সদস্যা হিচাপে নিৰ্বাচিত হোৱা হিমানি কুৰ্মীকো গামোচা, অভিনন্দন পত্ৰ, ফুলৰ থোপা আদিৰে বিপুল সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে, জ্যোতি কুশল দাস আটুৱাৰ মৰিয়নি শাখাৰ সম্পাদিকা আছিল । তেওঁৰ নেতৃত্বত সংগঠনটোৱে গতি লাভ কৰাৰ পিছত শেহতীয়াকৈ তেওঁ লক্ষীমপুৰ জিলাত অনুষ্ঠিত চতুৰ্থ কেন্দ্ৰীয় অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত হয় । সভাখনত উপস্থিত থাকি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মংগল গৰাইট, মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱালা, সাধাৰণ সম্পাদক দীনেশ চাহু, আটুৱা যোৰহাট জিলা সমিতিৰ সভানেত্ৰী ৰিতুপৰ্ণা তাঁতী, যোৰহাট শাখাৰ জামনতী জাতপ, চাহ জনজাতি জাতীয় সন্মিলনৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দীনেশ গঞ্জু আদিয়ে নৱনিৰ্বাচিত তিনিওকে অভিনন্দন জনাই বক্তব্য প্ৰদান কৰে । আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত তিনিও মহিলাই চাহ জনজাতি মহিলা সংগঠনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ।
দিব্যজ্যোতি শইকীয়া