নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গলৈ প্রথম বার্ষিক চ্যুকাফা সাংস্কৃতিক সমন্বয় বঁটা

২ ডিচেম্বৰত অসম দিৱসৰ দিনা সোণাৰিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰিব বঁটা

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ :  অসমৰ সংগীত জগতৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গক প্রথম বার্ষিক চ্যুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জুবিন গাৰ্গক প্ৰদান কৰিব এই বঁটা। এই সন্দৰ্ভত অৱগত কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাণা প্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্রীয় সমিতিৰ সৌজন্যত প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয়ভাবে চ্যুকাফা দিবস (অসম দিৱস)টি আয়োজন কৰি অহা হৈছে। বিগত বছৰ অৰ্থাৎ ২০২১ বৰ্ষৰ পৰা চ্যুকাফা দিৱসৰ সতে সংগতি ৰাখি অসমৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি দিশত অগ্রণী ভূমিকা পালন কৰি অহা বিশিষ্ট ব্যক্তি সকলৰ এগৰাকীক নির্বাচন কৰি প্ৰতিবছৰে একোগৰাকীকৈ ব্যক্তিক “চ্যুকাফা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্রথম বৰ্ষৰ চ্যুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে অসমৰ খ্যাতনামা সংগীত শিল্পী তথা যুৱ প্ৰজন্মৰ হার্ট থ্রব জুবিন গাৰ্গক নির্বাচিত কৰা হৈছে। অহা ২ ডিচেম্বৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কেন্দ্ৰীয়ভাবে আয়োজন কৰা চ্যুকাফা দিৱস (অসম দিৱস) ত এই বঁটা প্ৰদান কৰিব। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ লগতে মান পত্ৰ স্মাৰকৰ লগতে নগদ এক লাখ টকা মাননী হিচাপে আগবঢ়োৱা হ’ব।

সোণাৰিৰ পৰা দীপাংকৰ পাল ।

You might also like