নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলং নথকাত নৈৰ মাজেৰে যাতায়াত গহপুৰৰ উত্তৰাঞ্চলৰ একাধিক গাঁৱৰ ৰাইজৰ

কুকুৰজান নৈৰ ওপৰত দলং নথকাৰ বাবে যাতায়াতৰ ক্ষেত্রত ৰাইজৰ ব্যাপক অসুবিধা

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ গহপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নৈ কুকুৰজানৰ ওপৰত এখন দলং নথকাৰ বাবেই যাতায়াতৰ ক্ষেত্রত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে মহকুমাৰটোৰ উত্তৰাঞ্চলৰ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত একাধিক গাঁৱৰ ৰাইজে। অসম- অৰুনাচল প্ৰদেশ সীমান্তৰ ঐতিহাসিক ৰাজগড় আলিৰ পৰা মাধৱপুৰ হৈ চত্ৰং নেপালী, চত্ৰং বিষ্ণুপুৰ, চত্ৰং লক্ষীপুৰ, পাণ্ডাপুখুৰী, চত্ৰং বৰবালি, হাতীখুলি, চত্ৰং মৰিকাথনি আদি গাঁও সংযোগী পথত কুকুৰজান নৈৰ ওপৰত আজি পৰ্যন্ত নিৰ্মাণ নহ’ল এখন দলং। এনে অৱস্থা পৰিণতিত বৃহত্তৰ অঞ্চলবাসীয়ে বাৰিষা আৰু খৰালি উভয় ঋতুতে বছৰ বছৰ ধৰি নৈৰ মাজেৰেই  যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। এই সন্দৰ্ভত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কোনো সুফল লাভ নকৰা অঞ্চলবাসীয়ে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনত যথেষ্ট আশা প্ৰকাশ কৰিছিল যদিও পৰিবৰ্তনকামী চৰকাৰ খনৰ সাত বছৰীয়া কাৰ্যকালটো দলং এখন নিৰ্মাণ নোহোৱাত ভুক্তিভোগী ৰাইজ হতাশ হৈ পৰিছে। সোণাপুৰ গাঁও পঞ্চায়তৰ মাধৱপুৰৰ উক্ত স্থানত কুকুৰজান নৈৰ ওপৰত এখন দলং নথকাৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো যথেষ্ট সমস্যাৰ সন্মূখীন হৈ আহিছে। বিশেষকৈ চিকিৎসালয়লৈ ৰোগী নিয়াৰ ক্ষেত্ৰটো ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হয় বৃহত্তৰ অঞ্চলবাসী ৰাইজে । প্ৰায় ১০/১২খন গাঁৱৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ পথটোত এখন দলং নিৰ্মাণ কৰা হ’লে ৰাইজ যথেষ্ট উপকৃত হ’লহেতেন যদিও কি কাৰণত আজিকোপতি সংশ্লিষ্ট কৰ্তৃপক্ষই দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই- তাকে লৈ বৰ্তমান ৰাইজৰ অনেক প্ৰশ্নৰ উদ্ৰেক হৈছে।এই ক্ষেত্রত গহপুৰৰ জন প্ৰতিনিধি গৰাকীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰি উক্ত স্থানত কুকুৰজান নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভুক্তিভোগী ৰাইজে পৰম আশাৰে বাট চাই আছে।
  নিৰোদ কাথ হাজৰিকা, হেলেম
You might also like