১৬০০ প্ৰাৰ্থীৰ নিযুক্তিক লৈ ল’ৰা-ধেমালি; বিদেশী ন্যায়াধিকৰণত যোগ্য প্রার্থীৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পাছত স্থাপন কৰিব বিচৰা ২০০ খন বিদেশী ন্যায়াধিকৰণত কৰ্মচাৰী নিযুক্তিৰ নামত ৰাজ্য চৰকাৰখনে চূড়ান্ত ল’ৰা-ধেমালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বিদেশী ন্যায়াধিকৰণত বিভিন্ন পদৰ নিযুক্তিৰ বাবে বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ ৫ মাহ উকলি যোৱাৰ পাছতো নাপালে যোগ্য প্রার্থীয়ে৷ যাৰ পৰিপ্রেক্ষিতত যোগ্যতা অর্জন কৰা প্রার্থীয়ে সাব্যস্ত কৰিব লগা হ’ল প্রতিবাদ৷ দুটা পর্যায়ৰ মাজেৰে চূড়ান্ত তালিকাত স্থান লাভ কৰা ১,৬০০ প্রার্থীক শীঘ্রে নিযুক্তিৰ দাবীৰে সোমবাৰে গুৱাহাটীৰ জজ ফিল্ডত বিক্ষোভ প্রদর্শন কৰে একাংশ বাছনিকৃত প্রার্থীয়ে৷ হাতে হাতে প্লেকার্ড লৈ বঞ্চিত যোগ্যতা অর্জনকাৰী প্রার্থীসকলে চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ তদুপৰি শীঘ্রে নিযুক্তি প্রদান নকৰিলে আন্দোলন অধিক তীব্রতৰ কৰি তুলিব বুলিও প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে৷
উল্লেখ্য যে ৰাজ্যৰ নতুনকৈ স্থাপন কৰিবলগীয়া বিদেশী ন্যায়াধিকৰণত উচ্চবর্গৰ সহায়ক, ষ্টেন’গ্রাফাৰ, কনিষ্ঠ সহায়ক, টাইপিষ্ট, ডাটা এণ্ড্রী অপাৰেটৰ, বিচাৰপীঠ সহায়ক আৰু কপিষ্টৰ মুঠ ১,৬০০ পদৰ বাবে বিগত বর্ষৰ ১৩ জুনত বিজ্ঞাপন প্রকাশ কৰিছিল৷ ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ জৰিয়তে পদসমূহৰ বাবে অনুষ্ঠিত কৰা হৈছিল নিযুক্তি প্রক্রিয়া৷ পদসমূহ পূৰণৰ বাবে ৰাজ্যৰ বিভিন্ন পৰীক্ষাত যোগ্যতা অর্জন কৰাসকলৰ মাজত ৩১ আগষ্ট আৰু ১ ছেপ্ঢেম্বৰত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হয়৷ ইয়াৰ পাছতে যোৱা ১৯ ছেপ্ঢেম্বৰত পদসমূহৰ বাবে যোগ্যতা অর্জন কৰা ১,৬০০ চূড়ান্ত প্রার্থীৰ তালিকা আনুষ্ঠানিকতাৰে প্রকাশ কৰা হয়৷ কিন্তু আজিপর্যন্ত যোগ্যতা অর্জনকাৰী প্রার্থীসকলক নিযুক্তি প্রদান নকৰিলে ৰাজ্য চৰকাৰে৷ ইয়াৰ বিপৰীতে কোনো জাননী নিদিয়াকৈ নিযুক্তি বাতিল কৰাৰহে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
প্রতিবাদত অংশগ্রহণ কৰা এগৰাকী প্রার্থী কুনাল ভৰালীয়ে এই প্রসংগত কয়– ‘বাছনি প্রক্রিয়া সম্পন্ন হোৱাৰ ৫ মাহ উকলি গ’ল৷ কিন্তু আমাক নিযুক্তি নিদিলে৷ যাৰ বাবে আমি যোৱা ২৭ জানুৱাৰীত জনতা ভৱনলৈ গৈছিলোঁ৷ য’ত মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়াই আমাক অৱগত কৰিলে যে বিদেশী ন্যায়াধিকৰণৰ চাকৰিসমূহ বাতিল কৰা হৈছে৷ সদ্যপ্রকাশিত ৰাষ্ট্রীয় নাগৰিকপঞ্জী চৰকাৰে গ্রহণ কৰা নাই বাবে এই চাকৰিসমূহ বাতিল কৰা বুলি আমাক জনাইছে৷ ইয়াক লৈ আমি আশ্চর্যান্বিত হৈছোঁ৷ কিয়নো বিজ্ঞাপনৰ সময়ত ৰাষ্ট্রীয় নাগৰিকপঞ্জী গ্রহণ কৰিলেহে নিযুক্তি দিয়াৰ কথা উল্লেখ নাছিল৷’ ইপিনে, নতুনকৈ স্থাপন কৰিবলগীয়া ২০০ বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি ৯৫ শতাংশ নির্মাণ সম্পূর্ণ কৰা হৈছে বুলিও ভৰালীয়ে সদৰী কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নতুনকৈ স্থাপন কৰিবলগীয়া বিদেশী ন্যায়াধিকৰণসমূহৰ্ বাবে ২২১গৰাকী সদস্য ইতিমধ্যে বাছনি কৰা হৈছে৷ কিন্তু এই সদস্যসকলক আজিপর্যন্ত নিযুক্তিৰ স্থান নির্ধাৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে৷ যাৰ বাবে তেওঁলোকক কাম নকৰাকৈয়ে দৰমহা আদায় দিবলগীয়া হৈছে চৰকাৰে৷ আনহাতে, আজি প্রতিবাদী কার্যসূচীৰ অন্তত যোগ্যতা অর্জনকাৰী প্রার্থীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক দাবীসম্বলিত স্মাৰক–পত্র প্রদান কৰে৷ এই স্মাৰক–পত্রৰ জৰিয়তে প্রার্থীসকলৰ নিযুক্তিৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ বিক্ষোভকাৰীসকলে অনুৰোধ জনাইছে উচ্চ ন্যায়ালয়ক৷