নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামধেনু অনুষ্ঠান উদ্বোধন কৰি মৃণালিনী দেৱীৰ আহ্বানঃ অ–আ–ক–খৰে আৰম্ভ কৰক শিশুৰ শিক্ষা জীৱন

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ‘শিক্ষাৰ পদ্ধতি হূদয়ত প্রতিষ্ঠা কৰিব লাগে৷ শিশুসকলৰ মুখৰ পৰা মাতৃভাষা কাঢ়ি নিব নালাগে৷ এ–বি–চি–ডিৰে শিশুৰ শৈক্ষিক জীৱন আৰম্ভ নকৰি অ–আ–ক–খৰে শিশুৰ শিক্ষা জীৱন আৰম্ভ কৰা উচিত৷ তেতিয়াহে শিশুসকলে মাতৃভাষাৰ প্রতি শ্রদ্ধাশীল হ’ব৷’ –এই মন্তব্য অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি মৃণালিনী দেৱীৰ৷

সোমবাৰে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ ড০ ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠিত কেন্দ্রীয় ৰামধেনু অনুষ্ঠান উদ্বোধন কৰি উপ–সভাপতিগৰাকীয় কয় যে অসমীয়া ভাষা–সাহিত্যক বিশ্বত চিনাকি কৰাব লাগিলে যুৱ প্রজন্মই অসমীয়া ভাষা–সাহিত্য, কৃষ্টি–সংস্কৃতিৰ প্রতি অধিক আগ্রহী হ’ব লাগিব৷ অসম জাতীয় বিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত ছাত্র–ছাত্রীক শিক্ষা প্রদান কৰিব লাগিব৷ তেতিয়াহে আমাৰ ভাষা–সাহিত্যৰ উন্নতি হ’ব৷ শিশুসকলক প্রাচীন সভ্যতা–সংস্কৃতিৰ বিষয়েও জ্ঞাত কৰাৰ প্রয়োজন আছে৷ মাতৃসকলে শিশুক মাতৃভাষাৰ মাধ্যমত অধ্যয়ন কৰাই দেশৰ এগৰাকী সু–নাগৰিক হিচাপে নিজৰ ল’ৰা–ছোৱালীক গঢ়ি তুলিব লাগে বুলি তেওঁ উল্লেখ কৰে৷

শুৱালকুছিৰ অধিৱেশনে অসমৰ সাহিত্যৰ দিশত এক আমূল পৰিৱর্তন অনাটো নিশ্চিত বুলিও তেওঁ মন্তব্য কৰে৷ ৰামধেনু উপ–সমিতিৰ কার্যকৰী সভাপতি পুতুলী কায়স্থৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত অনুষ্ঠানত ‘ৰামধেনু’ স্মৃতিগ্রন্থ উন্মোচন কৰে নেমকেয়াৰ চিকিৎসালয়ৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই৷ ভাষণত তেওঁ ৰামধেনু অনুষ্ঠানৰ জৰিয়তে বহুত নতুন প্রতিভা বিকশিত হোৱা বুলি দোহাৰে৷ অনুষ্ঠানত বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ হেমন্ত বৰুৱাই৷ অনুষ্ঠানত ৮০গৰাকী নতুন প্রতিভাৰ লোকক তেওঁলোকৰ প্রতিভা বিকাশৰ বাবে আমন্ত্রণ জনোৱা হয়৷ অনুষ্ঠানত সভাপতি কুলধৰ শইকীয়া উপস্থিত থাকি তেওঁৰ চমু মন্তব্যত অসমবাসীৰ পূর্ণ সহযোগ পালে অসম সাহিত্য সভাই এক নতুন গতি ল’ব বুলি উল্লেখ কৰে৷ অনুষ্ঠানত প্রাক্তন সম্পাদক পদুম ৰাজখোৱাও উপস্থিত থাকে৷

You might also like