নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্মিতা দেৱৰ প্ৰৰোচনামূলক মন্তব্যঃ “হিন্দু–মুছলমান ভেদে অসমীয়াৰ বিৰুদ্ধে একত্ৰিত হওক বাঙালী”

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যিক ভাষা ৰূপে অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কেন্দ্ৰলৈ ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে অসমীয়া ভাষাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্রেছৰ প্রাক্তন সাংসদ সুস্মিতা দেৱ৷

বৰাকৰ কংগ্রেছ নেত্রীগৰাকীৰ স্পষ্ট মন্তব্য– অসম চুক্তিৰ ৬নং দফা কার্যকৰী হ’লে বাঙালীৰ সকলো অধিকাৰ খর্ব হ’ব৷ সেয়েহে বাঙালীসকলে ইয়াক প্রতিৰোধ কৰিব লাগিব৷ আমাৰ মাতৃভাষা বাংলা আৰু সেয়াই পৰিচয়৷ শিলচৰত সোমবাৰে ‘কা’ আৰু এন আৰ চিবিৰোধী এক অনুষ্ঠানত ভাষণ প্রদান কৰি অসমীয়া ভাষাৰ বিৰুদ্ধে তীব্র প্রৰোচনামূলক আহ্বান জনায় সুস্মিতা দেৱে৷ হিন্দু বাঙালীসকলক ডিটেনচন কেম্পলৈ প্রেৰণ কৰা হ’ব বুলিও মন্তব্য কৰে প্রাক্তন সাংসদগৰাকীয়ে৷ সভাত প্রাক্তন সাংসদগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে বাঙালীসকলক নাগৰিকত্ব দিয়াৰ কোনো নিশ্চিতি প্রদান কৰা নাই৷ ১৯৭১ চনৰ পাছত বাংলাদেশৰ পৰা অহাৰ কথা ক’লেও, বাংলাদেশৰ কোনো কাগজ দেখুৱাব নোৱাৰিলে ডিটেনচন কেম্পত যাব লাগিব বাঙালীসকল৷ এতিয়া অসম চুক্তিৰ ৬নং দফা কার্যকৰী হ’ব আৰু বাঙালীসকলৰ চাকৰি, ৰাজনৈতিক অধিকাৰ, নিৰাপত্তা, অস্তিত্ব সকলো কাঢ়ি নিয়া হ’ব৷ জনসভাখনত ভাষণ প্রদান কৰি সুস্মিতা দেৱে বাঙালীক জাতীয়তাবাদ পাহৰি নাযাবলৈ আহ্বান জনাই কয়– বহু লোকৰ ত্যাগৰ বাবে আজি বৰাকত বাংলা ভাষা বাচি আছে৷ যদি ৬নং দফা কার্যকৰী হয় আৰু বাঙালীৰ অধিকাৰ যদি কাঢ়ি নিবলৈ চেষ্টা কৰা হয়, তেন্তে আমি ৰাজপথত নামিমেই৷ সেয়েহে হিন্দু–মুছলমান সকলো পাহৰি বাঙালী হিচাপে আমি ইয়াৰ বিৰোধ কৰিব লাগিব৷

ৰাজ্য চৰকাৰক সমালোচনা কৰি সুস্মিতা দেৱে কয়– মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৈ আছে, অসমত চৰকাৰী চাকৰিত আবেদন কৰিবলৈ হ’লে অসমীয়া ভাষা লাগিবই৷ কিন্তু বৰাকৰ বাঙালীসকলে কি কৰিব৷ বিদেশী ন্যায়াধিকৰণৰ ১,৬০০ চাকৰিৰ ভিতৰত বৰাকৰ মাত্র ১২জনে চাকৰি পালে৷ এইবোৰে কি সূচাইছে৷ কেন্দ্রীয় চৰকাৰক সমালোচনা কৰি প্রাক্তন সাংসদগৰাকীৰ মন্তব্য– নাগৰিকত্ব সংশোধনী আইনৰ ক’ত লিখা আছে নির্যাতনৰ বলি হৈ অহাসকলক নাগৰিকত্ব দিয়া হ’ব৷ দৰাচলতে বিজেপিয়ে ধর্মীয় মেৰুকৰণ, সাম্প্রদায়িক ভোটবেংকৰ ৰাজনীতি আৰম্ভ কৰিছে৷ সাংসদগৰাকীৰ আহ্বান– বাঙালীৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে পূর্বৰ দৰে সকলোৱে ৰাজপথত নামিব লাগিব, ৰাজপথত নানামিলে বৰাকৰ কোনেও চাকৰি নাপাব৷

লক্ষণীয় যে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে থাকি দলীয় নীতিৰ বিৰুদ্ধে যোৱা সুস্মিতা দেৱে এইবাৰ বাঙালী জাতীয়তাবাদ জাগ্রত কৰিবলৈ গৈ অসমীয়াবিদ্বেষী ভূমিখা গ্রহণ কৰা কার্যই স্বাভাৱিকতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ সম্পূর্ণ ৰাজনৈতিক উদ্দেশ্যৰে অসমীয়া ভাষাৰ বিৰুদ্ধে সৰৱ হোৱা সুস্মিতা দেৱৰ এনে মন্তব্যক লৈ এতিয়ালৈ নিশ্চুপ হৈ আছে প্রদেশ কংগ্রেছ৷ বৰাকৰ কংগ্রেছী নেত্রীগৰাকীৰ অসমীয়াবিৰোধী প্রৰোচনামূলক আহ্বান সন্দর্ভত ৰাজ্য চৰকাৰে কি প্রতিক্রিয়া ব্যক্ত কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like