শান্তিৰ সন্ধানত মানুহে ভক্তিৰ আশ্ৰয় লয়ঃ মুখ্যমন্ত্ৰী সোণোৱাল
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ‘কৃষ্ণগুৰু মহাপ্রভুৱে আমাক সকলোকে জীৱন সুন্দৰভাৱে পৰিচালিত কৰাৰ বাবে নীতি আৰু আদর্শ দেখুৱাই থৈ গৈছে৷ এই নীতি আৰু আদর্শ হূদয়ংগম কৰি মানৱতাৰ বাণীৰে তথা ভক্তি দর্শনেৰে আমি সমাজত শান্তি প্রতিষ্ঠাৰ হকে দৃঢ়তাৰে আগুৱাই যাব লাগিব৷’ আজি বিশ্ব শান্তিৰ বাবে সাতদিনীয়াকৈ আয়োজিত কৃষ্ণগুৰু একনাম অখণ্ড কীর্তন ২০২০ৰ লগত সংগতি ৰাখি নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমত আয়োজিত ধর্মালোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ সোমবাৰে দুপৰীয়া কৃষ্ণ গুৰু সেৱাশ্রমত উপস্থিত হৈ কৃষ্ণগুৰু সেৱাশ্রম প্রাংগণত অনুষ্ঠিত ধর্মালোচনা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পুনৰ কয় যে শান্তিৰ সন্ধানত মানুহে ভক্তিৰ আশ্রয় লয় আৰু ভক্তিয়ে মানুহক শক্তি প্রদান কৰে৷ সমস্যা সাগৰৰ পৰা সমাধানৰ পথ বিচাৰি উলিয়াব পাৰি একমাত্র কৃষ্ণ ভক্তিৰে বুলি মন্তব্য কৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে কঠোৰ শ্রমৰ মাজেৰে নিজৰ দৃঢ়তা বৃদ্ধি কৰি সফলতাৰ শক্তি আহৰণ কৰিব লাগিব৷ উল্লেখ্য যে যোৱা ১ ফেব্রুৱাৰীৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষ্ণগুৰু একনাম কীর্তন৷ কৃষ্ণগুৰু সেৱাশ্রমত বিশ্ব শান্তিৰ বাবে চলি থকা এই অখণ্ড একনাম কীর্তন অনুষ্ঠানত সোমবাৰে হেলিকপ্ঢাৰযোগে আহি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰাৰ লগতে লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা আৰু জি এন পিৰ অধ্যক্ষ ৰূপম গোস্বামীয়েও আজি কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ ধর্মালোচনা সভাত ভাষণ প্রদান কৰে৷ সভাত কৃষ্ণগুৰু সেৱাশ্রমৰ ভক্তি মাতৃ কুন্তলা দেৱী গোস্বামী আৰু জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকাও উপস্থিত থাকে৷ গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ লগতে সহস্রাধিক ভকতৰ উপস্থিতিত অনুষ্ঠিত এই ধর্মালোচনা সভাত আধ্যাত্মিক চিন্তা আৰু ধ্যান সম্পর্কে আলোচনা কৰা হয়৷ এই ধর্মালোচনা সভাৰ পিছত মুখ্যমন্ত্রী সোণোৱালে সেৱাশ্রমৰ বৰনামঘৰৰ ভিতৰত প্রৱেশ কৰি আশিস গ্রহণ কৰে৷ প্রায় দুঘণ্টা কৃষ্ণগুৰু সেৱাশ্রমত অতিবাহিত কৰি মুখ্যমন্ত্রী সোণোৱালে উভতি যায়