হোমেন বৰগোহাঞি, সূর্য দাসলৈ শ্বহীদ কৰম সিংহ জনমভূমি বঁটা
৮ ফেব্রুৱাৰীত শংকৰদেৱ বিশ্ববিদ্যালয়ত গাম্ভীর্যপূর্ণ অনুষ্ঠান
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ অসমৰ সমাজ জীৱনত অসমীয়া শিখ সমাজৰ অৱদান অতুলনীয়৷ ১৮২০ খ্রীঃত হাদিৰাচকী যুদ্ধৰ পিছৰে পৰা নগাঁৱৰ বৰকলাত বসবাস কৰা এই অসমীয়া শিখ সমাজে অসমৰ ভাষা, কৃষ্টি–সংস্কৃতিৰ লগতে দেশৰ হকে প্রাণ আহুতি দিছে৷ তেনে এজন বৰকলা গাঁৱৰ শ্বহীদ কৰম সিংহ৷ অসমৰ বিদেশী বহিষ্কাৰ আন্দোনৰ কালত ১৯৮৩ চনৰ ১ মার্চত নগাঁও জিলাৰ কামপুৰৰ ওচৰৰ চেঙাজানৰ কাষত কেন্দ্রীয় সংৰক্ষিত আৰক্ষীৰ গুলীত অসমীয়া শিখ গাঁও এই বৰকলাৰে সুযোগ্য সন্তান কৰম সিংহই মৃত্যুবৰণ কৰে৷ ৮ ফেব্রুৱাৰীত নগাঁৱৰ বৰকলাৰ এইজন সুযোগ্য সন্তান শ্বহীদ কৰম সিংহৰ নামত ‘শ্বহীদ কৰম সিংহ ন্যাস, অসমে’ প্রৱর্তন কৰা ‘শ্বহীদ কৰম সিংহ জনমভূমি বঁটা ২০১৯’ প্রদানৰ এক মননশীল অনুষ্ঠান নগাঁৱৰ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্রেক্ষাগৃত আয়োজন কৰিছে৷ অনুষ্ঠানত এই সন্মানীয় বঁটা আগবঢ়োৱা হ’ব প্রথিতযশা সাহিত্যিক, কথাশিল্পী, সাংবাদিক, আধুনিক চিন্তাৰ নায়ক হোমেন বৰগোহাঞি আৰু গণশিল্পী, সুৰকাৰ, গীতিকাৰ, কণ্ঠশিল্পী সূর্য দাসক৷ বিয়লি এক বজাত অনুষ্ঠিত হ’ব লগা সভাখনত বিশিষ্ট আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতা আৰু শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ কন্দর্প কুমাৰ ডেকা৷ উক্ত অনুষ্ঠানটোত সকলোৰে সহায়–সহযোগিতা, উপস্থিতি কামনা কৰিছে মুখ্য উপদেষ্টা ড০ নন্দসিং বৰকলা, উপদেষ্টা যশোৱন্ত সিং আৰু সভাপতি জগদীশ সিঙে (ৰিজু)৷ আনহাতে ৯ ফেব্রুৱাৰীত ৪৪ নং বৰকলা আদর্শ প্রাথমিক বিদ্যালয়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি আবক্ষ মূর্তি স্থাপন কৰা হ’ব৷ উক্ত আবক্ষ মূর্তিটো উন্মোচন কৰিব বৰকলা গাঁৱৰ মুচী সমাজৰ জলেশ্বৰ ৰবি দাস নামৰ ব্যক্তিজনে৷ অনুষ্ঠানটোত উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়া, শিল্পী মহেন্দ্র হাজৰিকা, ভাস্কর্য শিল্পী লক্ষ্যজিত বৰা প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে৷ মূলতে ব্যক্তিজন হৈছে প্রশাসনিক বিষয়া, বিশিষ্ট সাহিত্যিক, শব্দৰত্ন বঁটা প্রাপক ড০ নন্দ সিং বৰকলাৰ প্রচেষ্টা আৰু বৰকলা বাসীৰ সহযোগ৷ উল্লেখ্য যে সাতটা জাতি জনগোষ্ঠীৰে বসবাস কৰা বৰকলা গাঁওখনৰে মুচী সমাজৰ ব্যক্তি এজনৰ দ্বাৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আবক্ষ মূর্তি এটা উন্মোচন কৰা বার্তাই অসমীয়া সমাজৰ মাইলৰ খুঁটি ৰূপে বিবেচিত হ’ব৷