বিশেষ বাৰ্তা, ১০ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ অন্যতম মূল কাণ্ডাৰী ৰাহুল চেত্ৰীক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত ৰাহুল চেত্ৰী মূল অভিযুক্ত বুলি অভিযোগ উঠাৰে পৰা তথা জঘন্য ৰেগিং কাণ্ড ফাদিল হোৱাৰে পৰা ৰাহুলে ২৭,নৱেম্বৰৰ পৰা আত্মগোপন কৰি আছিল।অৱশেষত যোৱা ৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰে।পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ইউ/এচ ১২০বি/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাৰ অধীনত ৭২৯/২০২২ নং গোচৰত ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰে। জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ডিব্ৰুগড় আৰক্ষীয়ে ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈ জেৰা কৰি তদন্ত আগবঢ়াই নিছিল। অৱশেষত জিম্মাৰ ম্যাদ উকলি যোৱাত আজি ৰাহুলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।আনহাতেদি একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ এনে ঘৃণনীয় কাৰ্যত জৰিত হৈ পৰাত সকলোৰে চকু কপালত তুলিছে।তাৰোপৰি টাই আহোম যুৱ পৰিষদৰ জাগুন শাখাই দিয়া অভিযোগ অনুসৰি ৰাহুল চেত্ৰীৰ নেতৃত্বত এদল প্ৰতিবাদকাৰীয়ে নিপম জ্যোতি গগৈক জাগুনৰ বজাৰত যোৱা ১৩ জুলাইৰ নিশা প্ৰায় ৮ বজাত গুৰুলা-গুৰুলকৈ মাৰপিট কৰিছিল।সেই সন্দৰ্ভত জাগুন আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত চাৰ্জচিট দাখিল কৰিছিল বুলিও জানিব পৰা গৈছে।অন্যায়ৰ সকে সততে মাত মাতি অহা ৰাহুল চেত্ৰী আজি নিজেই অপৰাধৰ গোচৰত জেললৈ যাব লগীয়া হোৱাত বেচ চৰ্চা লভিছে। ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অভিযোগ মতে ৰাহুল চেত্ৰীয়ে লৈছিল ৰেগিঙৰ সমগ্ৰ নেতৃত্ব।তেনেহলে বিশ্ববিদ্যালয় ত্যাগ কৰা ৰাহুলে, কেনেকৈ হোষ্টেলত ৱাৰ্ডেনৰ অনুমতি নোহোৱাকৈ বাহৰ পাতিব পাৰিলে? হোষ্টেলত ৱাৰ্ডেন, প্ৰিফেক্ট বা অধীক্ষকে মাহে কিমান বাৰকৈ পৰিদৰ্শন কৰিছিল? কেতিয়াবা আকস্মিক পৰিদৰ্শন কৰিছিল নে? কোনো অতিথি হোষ্টেলত প্ৰৱেশ কৰিলে পঞ্জীয়ন বুকত লিপিবদ্ধ কৰা হয় নে?হোষ্টেলত চিচি টিভিৰ প্ৰয়োজন নাছিল নেকি?ইত্যাদি ইত্যাদি হাজাৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।এইবিলাক প্ৰশ্ন তদন্তৰ আওতালৈ আহিলে আৰু বহু বিয়াগোম কেলেংকাৰি পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও সচেতন মহলে দাবী কৰিছে।
প্ৰেৰক বিভাস দুৱৰা