নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচদিনীয়া কার্যসূচীৰে ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ:  পাঁচদিনীয়া কার্যসূচীৰে অহা ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ বিধানসভাৰ প্রধান সচিব হেমেন দাসে প্রকাশ কৰা অনুসৰি পাঁচদিনীয়া এই অধিৱেশত সাধাৰণ প্রশ্ণ–উত্তৰৰ লগতে দাবী মঞ্জুৰি প্রস্তাৱ আৰু কেইবাখনো বিধেয়ক উত্থাপন হ’ব৷ ২১ ডিচেম্বৰৰ পৰা উত্থাপন হ’ব দুখন চৰকাৰী বিধেয়ক৷ উল্লেখ্য যে এইবাৰ বিধানসভাত শাসকীয় দলৰ বিৰুদ্ধে বিৰোধীয়ে কিদৰে ফ্ল’ৰ– কো–র্ডিনেচন দেখুৱাই সেয়া যথেষ্ট লক্ষণীয় হ’ব৷ প্রধান বিৰোধী দল কংগ্রেছে ইতিমধ্যে চৰকাৰৰ বিভিন্ন বিষয়ক লৈ বাহিৰত সৰৱ হৈ থকাৰ পাছত শীতকালীন বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত এই বিষয়সমূহক কিদৰে উত্থাপন কৰে সেয়াও অধিৱেশনৰ সময়ছোৱাত লক্ষণীয় হৈ থাকিব৷

You might also like