নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতি স্পর্শকাতৰ ২৫ কেন্দ্রত থাকিব ‘জামাৰ’-৭৭২ কেন্দ্রত ১৪৪

১২ ফেব্রুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ অহা ১২ ফেব্রুৱাৰীৰ পৰা ১৪ মার্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ চূডান্ত পৰীক্ষা৷ ইতিমধ্যে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যাৱতীয় সকলো প্রস্তুতি সম্পন্ন কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ বিশেষকৈ এইবাৰ যাতে হোৱাটএপযোগে প্রশ্ণকাকত ফাদিল হ’ব নোৱাৰে তাৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখিছে শিক্ষা সংসদে৷ বিগত বর্ষবোৰৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্রত ম’বাইল ফোন সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ শিক্ষার্থীৰ লগতে নিৰীক্ষকেও পৰীক্ষা কেন্দ্রত ম’বাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি এক নির্দেশনা জাৰি কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহায়ে৷ ইফালে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কোনো নিৰীক্ষকে যদি ম’বাইল ব্যৱহাৰ কৰে, তেন্তে তেনে নিৰীক্ষককো নিলম্বন কৰা হ’ব বুলি কঠোৰ সকীয়নি দিছে শিক্ষা সংসদৰ অধ্যক্ষজনে৷ একেদৰে প্রশ্ণকাকত ফাদিল নহ’বলৈ এইবাৰ ৰাজ্যৰ অতি স্পর্শকাতৰ ২৫টাকৈ কেন্দ্রত জামাৰ স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে শিক্ষা সংসদ কর্তৃপক্ষই৷ সমান্তৰালভাৱে প্রতিটো কেন্দ্রতে চিচি টিভি স্থাপন কৰাটো এইবাৰো বাধ্যতামূলক কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ অৱশ্যে চিচি টিভি স্থাপন কৰিব নোৱাৰা একাংশ কেন্দ্রত শিক্ষা সংসদে নিজাববীয়াকৈ চিচি টিভি লগাব বুলিও উল্লেখ কৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহায়ে৷ নিয়মীয়া বার্তাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অধ্যক্ষ ড০ বৰগোহাঁয়ে কয় যে পূর্বৰ দৰে এইবেলিও ৰাজ্যৰ প্রতিটো কেন্দ্রৰ ৫০ মিটাৰ ব্যাসার্ধৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰিব কোনো অভিভাৱক৷ অর্থাৎ পৰীক্ষা শেষ নোহোৱা পর্যন্ত এইবাৰো ৭৭২টা কেন্দ্রত প্রশাসনৰ সহযোগত শিক্ষা সংসদে জাৰি কৰিব ১৪৪ ধাৰা৷ আনহাতে, পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষার্থীৰ বিৰুদ্ধে ল’ব কঠোৰতম শাস্তি লোৱা হ’ব বুলিও স্পষ্ট কৰি দিছে শিক্ষা সংসদে৷ উল্লেখ্য যে এইবাৰ ৭৭২টা কেন্দ্রত অৱতীর্ণ হ’ব সর্বমুঠ ২ লাখ ৩৪ হাজাৰ ৭৮৬ গৰাকী পৰীক্ষার্থী৷ আজি গুৱাহাটীৰ বাহিৰে দূৰণিবটীয়া সকলো পৰীক্ষা কেন্দ্রসমূহলৈ শিক্ষা সংসদে প্রেৰণ কৰিছে প্রশ্ণকাকত আৰু উত্তৰবহী৷

You might also like