নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰ’জ ভেলীৰ কেলেংকাৰিৰ গোচৰত আজি এনফ’চমেণ্ট সঞ্চালকালয়ে (ইডি) বিভিন্ন ব্যক্তি তথা সংস্থাৰ কেইবাটাও স্থানত থকা স্থাৱৰ–স্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছে৷ অবৈধ ধনৰ লেনদেন প্রতিৰোধ আইনৰ অধীনত কেন্দ্রীয় সংস্থাটোৱে মুঠ ৭০.১১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে৷
উল্লেখনীয় যে অভিনেতা শ্বাহৰুখ খান নেতৃত্বাধীন আইপিএল ক্রিকেট দলৰ সৈতে জড়িত কোম্পানী এটাৰ সম্পত্তিও আছে এই বাজেয়াপ্ত সম্পত্তিবোৰৰ ভিতৰত৷ ইডিৰ বিষয়ববীয়াই উল্লেখ কৰা অনুসৰি তিনিটাকৈ সংস্থা– মাল্টিপ’ল ৰিজ’টছ প্রাইভেট লিমিটেড, ছেইণ্ট জেভিয়ার্ছ কলেজ (কলকাতা) আৰু নাইট ৰাইডার্ছ স্প’টছ প্রাইভেট লিমিটেডৰ বিভিন্ন স্থানত থকা স্থাৱৰ–স্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ তিনিওটা কোম্পানীৰ বেংক একাউণ্টৰ ১৬.২০ কোটি টকাৰ উপৰি পশ্চিমবংগৰ পূর্ব মেডিনীপুৰ জিলাৰ ৰাম নগৰ আৰু মহিশদলত ২৪ একৰ ভূমি বাজেয়াপ্ত কৰা হৈছে৷ ইয়াৰ উপৰি মুম্বাইত ডিলকপ চেম্বার্ছত বাজেয়াপ্ত হৈছে এটা ফ্লেট৷ কলকাতাৰ জ্যোতিবসু নগৰত ১ একৰ ভূমি আৰু ৰ’জ ভেলী গ্রুপৰ এখন হোটেলো বাজেয়াপ্ত কৰিছে ইডিয়ে৷ ইডিৰ তদন্তত পোহৰলৈ আহিছে যে ৰ’জ ভেলী গ্রুপ আৰু এই কোম্পানীবোৰে ভুৱা প্রতিশ্রুতি দি জনসাধাৰণৰ পৰা ১৭ হাজাৰ ৫২০ কোটি টকা সংগ্রহ কৰিছিল৷ ইয়াৰে ১০ হাজাৰ ৮৫০ কোটি আদায় দিয়া হৈছে যদিও ৬৬৭০ কোটি এতিয়াও গ্রাহকক আদায় দিবলৈ বাকী আছে৷