নিয়মীয়াা বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিশাল ব্রহ্মপুত্রৰ পাৰৰ সেউজ বালিচৰত এক উদুলি–মুদুলি পৰিৱেশ৷ অগণন সাহিত্যপ্রেমীৰ ভিৰত বস্ত্রনগৰী শুৱালকুছি দলদোপ–হেন্দোলদোপ ৷ জ্যোতিক্ষেত্রৰ চৌদিশত কেৱল মানুহ আৰু মানুহ ৷ কালিৰ দৰে আজিও শুৱালকুছিৰ অধিৱেশনস্থলীত যথেষ্টসংখ্যক সাহিত্যপ্রেমীৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ বিশেষকৈ গ্রন্থমেলাস্থলী, প্রদর্শনীস্থলী আৰু বাণিজ্য মেলাস্থলীত অগণন লোকৰ সমাগমে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে ৷ অৱশ্যে আদৰণী সমিতিয়ে নিয়োগ কৰা স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱিকাসকলে নিজৰ নিজৰ দায়িত্ব সুন্দৰকৈ পালন কৰি পৰিৱেশটো সঠিক কৰি ৰাখে ৷ গ্রন্থমেলাত গ্রন্থপ্রেমীসকলে যথেষ্টসংখ্যক কিতাপ ক্রয় কৰাত গ্রন্থ বিক্রেতাসকল কিছু পৰিমাণে উৎসাহিত হৈছে যদিও তেওঁলোকে আশা কৰা মতে বিক্রী হোৱা নাই ৷ বাণিজ্য মেলাত কিছু সামগ্রী বিক্রী হৈছে ৷ প্রদর্শনীত স্থানীয় শিল্পী প্রকাশ বায়নৰ বিপণীত বহুতসংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ তেওঁ কিছু পৰিমাণৰ পৌৰাণিক সামগ্রী নিজৰ বিপণীত ৰাখিছে৷ আনহাতে, নিজে বাঁহ–বেতেৰে কিছু তাঁতশালৰ সামগ্রী আৰু আন আন সামগ্রী প্রস্তুত কৰি ৰখাত বিপণীখন দর্শনীয় হৈ পৰিছে৷ ইফালে কালি হঠাৎ অধিৱেশনস্থলীত মহাত্মা গান্ধীৰ ৰূপত এগৰাকী ব্যক্তিৰ আৱির্ভাৱে সকলোকে আকর্ষিত কৰে৷ বৰপেটাৰ এইগৰকী ব্যক্তিৰ নাম খাদেম আলী৷পাঠশালাৰ মণ্টু বর্মন নামৰ লোক এজনে ব্যক্তিগৰাকীক শুৱালকুছি অধিৱেশনলৈ আনিছে৷ আধুনিক যুগৰ মহাত্মা গান্ধীৰ লগত ফটো উঠা লোকৰ ভিৰে ব্যক্তিগৰাকীক ব্যতিব্যস্ত কৰি তোল৷ অসমৰ ভিন্ন প্রান্তৰ পৰা অহা প্রতিনিধিসকলেও আদৰণী সমিতিৰ সা– সুবিধাক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷ অভ্যর্থনা কক্ষতো প্রতিদিনে প্রায় চাৰি–পাঁচ হাজাৰ মানুহে অতি সুন্দৰকৈ ভোজন গ্রহণ কৰি আছে৷ অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী নামঘৰত প্রতিদিনে চলি আছে নাম–প্রসংগ৷ ভকত–বৈষ্ণৱসকলে নামৰ ধ্বনিত মুখৰিত কৰি ৰাখিছে জ্যোতিক্ষেত্র৷ ব্রহ্মপুত্রৰ পাৰত এক নৈসর্গিক পৰিৱেশত অনুষ্ঠিত শুৱালকুছি অধিৱেশনে অসমৰ সাহিত্য–সংস্কৃতিৰ পথাৰখনলৈ এক যোগাত্মক বার্তা কঢ়িয়াই আনক, তাৰ কামনা শুৱালকুছিবাসীৰ ৷