পাণ্ডিয়াক ধৈর্য ধৰাৰ আহ্বান জাহিৰৰ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ প্রত্যাৱর্তনক লৈ খৰখেদা নকৰিবলৈ টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক পৰামর্শ আগবঢ়াইছে ভাৰতৰ প্রাক্তন বেগী বলাৰ জাহিৰ খানে৷ তেওঁ কয় যে হার্দিক এতিয়া অত্যন্ত ধৈর্যশীল হ’ব লাগিব আৰু চিকিৎসকৰ পৰামর্শ অনুসৰি আগবাঢ়িব লাগিব৷ পর্যাপ্ত সময় লৈ তেওঁ এতিয়া ১০০ শতাংশ সুস্থ হোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ ‘অভিজ্ঞতাৰ দিশৰ পৰা মই ক’ব বিচাৰোঁ যে আঘাতৰ পিছত প্রত্যাৱর্তন কৰাটো যিমান প্রয়োজন, তাতকৈ কিদৰে প্রত্যাৱর্তন কৰিব পাৰিছে, সেয়াহে অধিক গুৰুত্বপূর্ণ৷ হার্দিকে এতিয়া মেডিকেল টীমৰ পৰামর্শ অনুসৰি ১০০ শতাংশ সুস্থ হোৱাত গুৰুত্ব দিব লাগে৷ প্রত্যাৱর্তনক লৈ খৰখেদা কৰাৰ প্রয়োজন নাই৷’ জাহিৰে এইদৰে কয়৷ উল্লেখ্য যে আঘাতৰ বাবে হার্দিকে যোৱা প্রায় ছমাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি আছে৷