নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 মস্কো–জয়পুৰ শিশু চলচ্চিত্র মহোৎসৱলৈ মনোনীত ‘বকুল ফুলৰ দৰে’

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : গৌৰৱোজ্জ্বল অসমীয়া চিনেমা যাত্রাক এখোজ আগুৱাই নিয়াৰ লক্ষ্যৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে গ্রহণ কৰি অহা পদক্ষেপে লাভ কৰিছে আন্তঃৰাষ্ট্রীয় সঁহাৰি৷ ইতিপূর্বে ‘ৰামধেনু’ আৰু ‘পৰিচয়’ নামৰ ছবিয়ে আন্তঃৰাষ্ট্রীয় স্বীকৃতি তথা বাণিজ্যিকভাৱে সফলতা লাভ কৰাৰ পাছত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ শেহতীয়া নির্মাণ ‘বকুল ফুলৰ দৰে’ ছবিয়ে লাভ কৰিছে আন দুটাকৈ আন্তঃৰাষ্ট্রীয় স্বীকৃতি৷

উল্লেখ্য যে ‘বকুল ফুলৰ দৰে’ ছবিখন মনোনীত হৈছে মস্কো আৰু আহমেদাবাদ আন্তঃৰাষ্ট্রীয় শিশু চলচ্চিত্র মহোৎসৱলৈ৷ ‘বকুল ফুলৰ দৰে’ ছবিখনে লাভ কৰা এই স্বীকৃতিয়ে চলচ্চিত্রপ্রেমীৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে৷

উল্লেখ্য যে শিশু সাহিত্য অকাডেমি বঁটাৰে স্বীকৃতি লাভ কৰা মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’ গ্রন্থৰ আধাৰত নির্মাণ কৰা ছবিখনে মুখ্যতঃ এজন লোকৰ জীৱনৰ দুটা অতি গুৰুত্বপূর্ণ পথ প্রদর্শক শক্তিৰ ওপৰত আলোকপাত কৰিছে৷ প্রতিপালন আৰু শিক্ষাদান– এই চৰিত্রৰে ছবিখনত দাঙি ধৰা হৈছে সামাজিক জীৱনৰ ব্যতিক্রমী দৃশ্য৷ ৰিণিকি ভূঞা শর্মাৰ দ্বাৰা প্রযোজিত আৰু সঞ্জীৱ হাজৰিকাৰ নির্দেশনাত নির্মাণ কৰা ছবিখন ইতিমধ্যে জয়পুৰ আন্তঃৰাষ্ট্রীয় মহোৎসৱলৈ অসমীয়া ভাষাৰ ছবি ৰূপে মনোনীত হৈছে৷

মন কৰিবলগীয়া যে জীৱনৰ অভিজ্ঞতাক ভিত্তি কৰি শিক্ষা আৰু সমাজ ব্যৱস্থাৰ উপস্থাপনেৰে ‘বকুল ফুলৰ দৰে’ৰ কাহিনীভাগ দাঙি ধৰা হৈছে৷ বিশেষকৈ কিশোৰ মনস্তত্ত্ব আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত নির্মাণ কৰা ছবিখনে দর্শক, অভিভাৱক আৰু ছাত্র সমাজক বিশেষকৈ আকর্ষণ কৰিছে৷

You might also like