নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বৰা গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে এক নির্দেশযোগে অসম আৰক্ষীত সালসলনি ঘটাইছে৷ সেই অনুসৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙক বিশেষ আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) হিচাপে বদলি কৰা হৈছে৷ তদুপৰি তেওঁ বিশষ আৰক্ষী সঞ্চালকপ্রধান (সীমান্ত)ৰো দায়িত্বভাৰ চম্ভালি যাব৷ আনহাতে, গৃহ আৰু ৰাজনৈতিক, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ গুৱাহাটীৰ ডিচিপি (পূব) সুধাকৰ সিঙক নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ ইপিনে, নলবাৰীৰ আৰক্ষী অধীক্ষক পৱিত্র কুমাৰ নাথক নগাঁৱৰ জখলাবন্ধাস্থিত চেকনিৰ দ্বিতীয় এএফপিএফৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে৷ শিৱসাগৰৰ লিগিৰিপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক সুৰজিৎ সিং পানেচাৰক গুৱাহাটীৰ ডিচিপি (পূব) হিচাপে বদলি কৰা হৈছে৷

You might also like