গোৱালপাৰাত ২২ কেজি গাঞ্জাসহ বহিঃ ৰাজ্যৰ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : গোৱালপাৰা আৰক্ষীয়ে আজি পুৱা ১০ বজাত আভিযান চলাই ২২ কেজি গাঞ্জাসহ বহিঃ ৰাজ্যৰ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । গোৱালপাৰাৰ সদৰ থানাৰ বিষয়া দেৱজিৎ দাসে জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা আৰক্ষীয়ে নৰনাৰায়ণ সেতু পহৰা চকীৰ সমীপত থকা তালাচী চকীত গুৱাহাটীৰ পৰা কোচবিহাৰলৈ গৈ থকা এ এছ ১৫ চা -৯৭৯৮ নম্বৰৰ ভৌমিক নামৰ নৈশ বাছখন ৰখাই তালাচী চলায় । উক্ত সময়ত তিনিটা মোনাৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই অনা ২২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ৰ লগত জৰিত আকাশ আচাৰীয়া আৰু মুকেশ কুমাৰ পাছোৱানক গ্ৰেপ্তাৰ কৰে। জজব্দকৃত গাঞ্জাখিনিৰ মূল্য প্রায় আঢ়ৈ লক্ষাধিক টকা হব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে মনিপুৰৰ আকাশ আচাৰীয়া আৰু বিহাৰৰ মুকেশ কুমাৰ পাচোৱানে মনিপুৰৰ পৰা গাঞ্জা খিনি নেপাললৈ সৰবৰাহ কৰাৰ বাবে নি থকাৰ সময়তে গোৱালপাৰাৰ আৰক্ষীয়ে গাঞ্জাসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।