নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাংবাদিক মুনীন বায়নলৈ যোৰহাট জিলা সাংবাদিক সন্থাৰ অৰুণ বৰা সোঁৱৰণী সাংবাদিক বঁটা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : যোৰহাট জিলা সাংবাদিক সন্থাই প্ৰৱৰ্তন কৰা মাজুলীৰ সংবাদ ক্ষেত্ৰৰ পুৰুধা ব্যক্তি, অসম আন্দোলনৰ সংগ্ৰামী, কৃতী শিক্ষক তথা যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন উপ-সভাপতি অৰুণ বৰা সোঁৱৰণী সাংবাদিক বঁটা পোনপ্ৰথমবাৰলৈ অসমৰ বিশিষ্ট সাংবাদিক মুনীন বায়নলৈ আগবঢ়াইছে । দৈনিক অসম কাকতৰ   ডেপুটী এডিটৰ মুনীন বায়নক জিলা সাংবাদিক সন্থাই গঠন কৰা নিৰ্বাচিত সমিতিয়ে নিৰ্বাচন কৰে । উল্লেখ্য যে, অহা নতুন বৰ্ষৰ ৮ জানুৱাৰীত মাজুলী জিলা সাংবাদিক সন্হাৰ সহযোগত  মাজুলী মহাবিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব । যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকন, কাৰ্যকৰী সভাপতি সঞ্জীৱ দত্ত আৰু সম্পাদক মৃদুল হাজৰিকাৰ স্বাক্ষৰত বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জনায় । মনকৰিবলগীয়া যে যোৱা বছৰৰ ১১ আগষ্টত সাংবাদিক অৰুণ বৰাৰ মৃত্যু হয় । তেওঁৰ মৃত্যুৰ পাছতে যোৰহাট জিলা সাংবাদিক সন্থাই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰত্যেক দুবছৰে এই বঁটা অসমৰ সংবাদ ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিক প্ৰদান কৰিব । বঁটাত নগদ দহ হাজাৰ টকা , প্ৰশস্তি পত্ৰ, স্মাৰক আদি থাকিব ।

You might also like