নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সমষ্টি পুনৰ নির্ধাৰণ কৰিলে আইন–শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় –ড০ শর্মা

অসমত সমষ্টি পুনৰ নির্ধাৰণৰ প্রস্তাৱ ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: অসমত সমষ্টি পুনৰ নির্ধাৰণৰ বাবে কেন্দ্রত প্রস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে৷ আজি যোৰহাটত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে ৰাজ্যখনত সমষ্টি পুনৰ নির্ধাৰণৰ কাম ৰাজ্য চৰকাৰে বন্ধ কৰিছিল৷ সমষ্টি পুনৰ নির্ধাৰণ কৰিলে আইন–শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি সেই কাম বন্ধ কৰিছিল৷ কিন্তু শেহতীয়াকৈ বর্তমানৰ ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰক লিখিতভাৱে জনাইছে অসমত সমষ্টি পুনৰ নির্ধাৰণ হ’লেও আইন–শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে ৰাজ্য চৰকাৰৰ এই পত্রখনৰ ওপৰত ভিত্তি কৰি কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়োগে সময়োপযোগী সিদ্ধান্ত ল’ব পাৰে৷ সমষ্টি পুনৰ নির্ধাৰণৰ বাবে ৰাজ্য চৰকাৰে পোষকতা কৰাৰ পাছত এতিয়া পুনৰ ৰাজ্যখনত অচিৰেই সমষ্টি পুনৰ নির্ধাৰণৰ কাম আৰম্ভ হোৱাৰ পথ প্রশস্ত হৈ পৰিছে৷

You might also like