নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ কে আৰ কে হাইস্কুলৰ বিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ হেমন্ত চৌধুৰীৰ

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ শিক্ষাই মানুহক মহান কৰাৰ লগতে সমাজত সু-নাগৰিক হিচাৱে নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ দিয়ে৷ ছাত্ৰ ছাত্ৰী সকলে সৰুৰে পৰা এক সংকল্প লৈ শিক্ষা গ্ৰহণত ব্ৰতী হব লাগে ৷ যিসকল ছাত্ৰ ছাত্ৰীৰ সংকল্প থাকে তেওঁলোক ভবিষ্যত দিনত সু-নাগৰিক হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে ৷ এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ৷ আজি শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ আগশাৰী শিক্ষানুষ্ঠান শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুলৰ ২০২২ বৰ্ষৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি হেমন্ত চৌধুৰীয়ে পুনৰ কয় যে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ শিক্ষাতকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা কোনো গুনে কম নহয়৷ গতিকে অভিভাৱকসকলে ব্যক্তিগত বিদ্যালয়ত নিজৰ লৰা ছোৱালীক পঢ়োৱাৰ মানসিকতা ত্যাগ কৰি চৰকাৰী বিদ্যালয়মুখী হবলৈ অভিভাৱক সকল আহ্বান জনায় ৷ ভাষণ প্ৰসঙ্গত তেওঁ পুনৰ কয় যে জালুকবাৰী সমষ্টিত কমেও চাৰিখন চিবিএচই মাধ্যমৰ বিদ্যালয় স্থাপন কৰিব বুলি উল্লেখ কৰি কয় যে ছাত্ৰ ছাত্ৰী সকলে ইচ্ছা কৰিলে সেই বিদ্যালয় সমুহত অধ্যয়নৰ সুবিধা লাভ কৰিব৷ আন একাংশ বিদ্যালয়ত (ইংৰাজী আৰু অসমীয়া) দুয়োটা মাধ্যমৰে ব্যৱস্থা থাকিব ৷ ছাত্ৰ ছাত্ৰীসকলে যি কোনো এটা মাধ্যমতে পঢ়াৰ সুযোগ লাভ কৰিব৷ বৰ্তমানৰ যুগতো প্ৰতিযোগিতাৰ যুগ ৷ সেয়েহে ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতাত তিষ্টি থাকিব পৰাকৈ নিজক সাজু কৰিব লাগিব৷ তেওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ সমান্তৰালকৈ খেলা-ধূলা আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমুহতো অংশ গ্ৰহণ কৰি নিজৰ নিজৰ প্ৰতিভাসমুহ উজ্বলাই তুলিবলৈ আহ্বান জনায় ৷ অৱসৰী শিক্ষক ৰত্নেশ্বৰ মালাকৰৰ সভাপতিত্ব অনুষ্ঠিত সামৰণী অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি শিক্ষাৰ দিশত কেনেদৰে আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকল উপকৃত হব তাক এক বহল ব্যাখ্যা কৰি বুজাই দিয়ে ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাত এশ শতাংশ উৰ্ত্তীৰ্ণৰ লক্ষ্য লৈ সৰহ সংখ্যক বিদ্যালয়তে তেওঁ উপস্থিত থাকি দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ লগত এই সন্দৰ্ভত বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰি শিক্ষাৰ্থীসকলক একাগ্ৰতা, ধৰ্য্য আৰু আন্তৰিকতাৰে অধ্যয়ন ব্ৰতী হবলৈ শিক্ষা বিষয়া গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায়৷ তেওঁ অভিভাৱক সকলো নিজৰ নিজৰ লৰা ছোৱালীৰ লগত পঢ়াৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াবলৈ আহ্বান জনায় ৷ সভাত নিমন্ত্ৰিত অতিথি হিচাবে বিদ্যালয়খনৰ অৱসৰী শিক্ষয়িত্ৰী বিভাৰাণী কাকতি, বেংক বিষয়া গণেশ কাৰিকৰ, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, প্ৰধান শিক্ষক দিবাকৰ কলিতা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত বিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল সমুহ ঘোষণা কৰাৰ লগতে পুৰস্কাৰ সমুহো বিতৰণ কৰা হয় ৷ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰাৰ লগতে অনুষ্ঠানত কেবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি পৰিবেশটো জীপাল কৰি তোলে ৷ অনুষ্ঠানটিৰ আঁত ধৰে জ্যেষ্ঠ শিক্ষক বাবুল কলিতাই ৷ অভ্যাগতসকলক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শৰাই, জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ শেষত অসম সংগীত পৰিবেশন কৰা হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like