নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম মহলাৰ পৰা ছাত্রীক পেলাই দিলে শিক্ষয়িত্রীয়ে

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ:  দেশৰ ৰাজধানী নতুন দিল্লীৰ এখন বালিকা বিদ্যালয়ত পঞ্চম শ্রেণী ছাত্রী এগৰাকীক কেঁচীৰে আঘাত কৰি প্রথম মহলাৰ পৰা শিক্ষয়িত্রীয়ে পেলাই দিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ দিল্লী নগৰ নিগম বালিকা বিদ্যালয়ৰ বন্দনা নামৰ পঞ্চম শ্রেণীৰ ছাত্রীগৰাকীক আজি পুৱা প্রায় ১১.১৫ বজাত গীতা দেশৱাল নামৰ শিক্ষয়িত্রীগৰাকীয়ে প্রথমে কেঁচীৰে আঘাত কৰে আৰু পাছত প্রথম মহলাৰ পৰা তলত পেলাই দিয়ে৷ সংকটজনক অৱস্থাত ছাত্রী বন্দনাক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে এই দুষ্কার্যত জড়িত গীতা দেশৱালক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ উল্লেখ্য যে কেঁচীৰে বাৰম্বাৰ বন্দনাক আঘাত কৰাৰ সময়ত আন এগৰাকী শিক্ষয়িত্রী ৰিয়াই বাধা দিবলৈ চেষ্টা কৰে যদিও গীতাই সেই বাধা মানা নাছিল৷

You might also like