- সীমান্তত নির্মাণ হ’ব সর্বাধিক দৈর্ঘ্যৰ ঘাইপথ
নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: সীমান্তত প্রকৃত নিয়ন্ত্রণৰেখা (এল এ চি)ৰ সুস্থিৰতা অক্ষত ৰাখিব বুলি চীনে বিভিন্ন সময়ত প্রতিশ্রুতি দি আহিছে যদিও বাৰে বাৰে দেশখনৰ সেনাই ভাৰতৰ ভূখণ্ডত প্রৱেশৰ ষড়যন্ত্র চলাই আহিছে৷ শেহতীয়াকৈ ৯ ডিচেম্বৰৰ নিশা অৰুণাচলৰ টাৱাঙৰ য়াংৎচে অঞ্চলত এল এ চি অতিক্রম কৰি ভাৰত ভূখণ্ডত প্রৱেশৰ চেষ্টা চলোৱাৰ সময়তে চীনা সেনাৰ সৈতে ভাৰতীয় বাহিনীৰ সংঘাত সৃষ্টি হয়৷ এই ঘটনাত উভয়পক্ষৰ কেইবাজনো জোৱান আহত হৈছে৷ এনে পৰিস্থিতিত মোদী চৰকাৰে চীনৰ বিৰুদ্ধে সীমান্তত নিৰীক্ষণ ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ কৌশল গ্রহণ কৰিছে৷ প্রতিৰক্ষা শিতানত ভাৰতে অধিক ধন খৰচ কৰাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে৷
এই সিদ্ধান্ত অনুসৰি চীন সীমান্তৰ সমীপৱর্তী অঞ্চলত ঘাইপথ নির্মাণৰ পৰিকল্পনা কৰিছে ভাৰতে৷ আগন্তুক ৫ বছৰৰ ভিতৰত অৰুণাচলত নির্মাণ হ’ব সীমান্ত ৰাষ্ট্রীয় পথ বা ‘ফ্রণ্টিয়াৰ হাইৱে’৷ আন্তঃৰাষ্ট্রীয় সীমান্তৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত নির্মাণ হ’ব দীঘলীয়া এই ৰাষ্ট্রীয় ঘাইপথটো৷ এই ঘাইপথটো থাকিব ভাৰত, তিব্বত, চীন, ম্যানমাৰ সীমান্তত৷ ঘাইপথটোৰ মুঠ দৈর্ঘ্য হ’ব ১৭৪৮ কিলোমিটাৰ৷ দুইলেনযুক্ত এই পথটো কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে নির্মাণ কৰিবলগীয়া দীর্ঘতম ঘাইপথ হ’ব৷ ইফালে আগন্তুক মাহত অৰুণাচল প্রদেশৰ টাৱাং অঞ্চলত ভাৰতীয় সেনাই সকলো সময়তে ব্যৱহাৰ কৰিব পৰা সুৰংগৰ সুব্যৱস্থা লাভ কৰিব৷ ইতিমধ্যে সেনা আৰু সামৰিক বাহন বিচৰণৰ বাবে সীমান্ত পথ সংস্থা (বি আৰ অ’)ৰ তৰফৰ পৰা এই সুৰংগ নির্মাণ কৰি থকা হৈছে৷ বালিপাৰা–ছাৰদুৱাৰ পথ যোগাযোগৰ বাবে ছেলা গিৰিপথত নির্মাণ কৰা হৈছে এই সুৰংগটো৷
উল্লেখনীয় যে ১৩ হাজাৰ ফুট উচ্চতাত এই সুৰংগ পথ হ’ব বাইলেনযুক্ত বিশ্বৰ আটাইতকৈ দীঘলীয়া সুৰংগ পথ৷ লক্ষণীয়ভাৱে সীমান্তত ঘাইপথ নির্মাণৰ কাম ২০০৮ চনতে আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে বিভিন্ন স্থানত পথ নির্মাণৰ কাম সম্পূর্ণ হৈ উঠিছে৷ ২০২৪ চনৰ ভিতৰত এই পথ নির্মাণ প্রকল্প সম্পূর্ণ কৰি তোলাৰ সংকল্প লৈছে চৰকাৰে৷ ইফালে পশ্চিমবংগ আৰু ছিকিমৰ মাজত ৪৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’ল যোগাযোগ সম্পূর্ণ কৰি তোলাৰ প্রক্রিয়াও ক্ষিপ্রগতিত চলাইছে কেন্দ্রীয় চৰকাৰে৷ শিৱক–ৰাংপু ৰে’ল পথৰ কাম ২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হৈ উঠিব৷ অকল সেয়াই নহয়, অৰুণাচল, ছিকিমসহ সীমান্তৱর্তী বিভিন্ন প্রদেশত সামৰিক বাহিনীৰ নিৰীক্ষণ কঠোৰ কৰি তোলাৰ বিভিন্ন আঁচনি গ্রহণ কৰিছে প্রতিৰক্ষা মন্ত্রালয়ে৷
উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ওপৰত চীনৰ শেনদৃষ্টিক যাতে বাধা দিব পৰা যায়, তাৰ বাবে ভূটানৰ সমীপৱর্তী পশ্চিমবংগৰ হাছিমাৰা বিমানবন্দৰত ৰাফেল যুদ্ধবিমান সাজু ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখনীয় যে যোৱা মাহত ভাৰতে লাভ কৰিছে ৩৬খন ৰাফেল যুদ্ধবিমান৷ ইয়াৰ জৰিয়তে বায়ু সেনাৰ ইষ্টার্ন এয়াৰ কমাণ্ডক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা হৈছে৷ টাৱাঙৰ এল এ চিত সংঘটিত সংঘাতৰ পিছত ভাৰতে অধিক গুৰুত্ব প্রদান কৰিছে সীমান্তৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বিষয়টোত৷ অৰুণাচলৰ বোমডিলাৰ পৰা আৰম্ভ হ’বলগীয়া ৰাষ্ট্রীয় ঘাইপথটোৱে ভাৰতীয় সেনাক অতি কম সময়ৰ ভিতৰতে শত্রু পক্ষৰে মোকাবিলা কৰাৰ বিশেষ সুযোগ প্রদান কৰিব৷