নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনত কাৰ্যক্ষম হ’ব গেৰুকামুখ প্ৰকল্পৰ ২টা ইউনিট

নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: ভৌগোলিকভাৱে অতি সংবেদনশীল এলেকাত নির্মীয়মাণ সোৱণশিৰি নদীবান্ধ ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ চলিত বছৰৰ বানপানীৰ বাবে ক্ষতিগ্রস্ত হোৱা নদীবান্ধটোৰ মেৰামতিৰ বাবে ৮০ কোটিৰ পৰা ১০০ কোটি টকাৰ প্রয়োজন হ’ব৷ আজি ৰাজ্যসভাত এই কথা ব্যক্ত কৰে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে৷ সদনৰ প্রশ্ণোত্তৰ কালত কেৰালাৰ সাংসদ আব্দুল ৱাহাবে উত্থাপন কৰা প্রশ্ণৰ উত্তৰত বিভাগীয় মন্ত্রীজনে প্রকাশ কৰা মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্যত চলিত বছৰৰ নৱেম্বৰ মাহলৈকে ১৭,২৭৫.৬২ কোটি টকা ব্যয় হৈছে৷ ৮ ইউনিটযুক্ত ২০০০ মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্রকল্পৰ দুটা ইউনিট (৫০০ মেগাৱাট) অহা বছৰৰ জুন মাহৰ পৰা কার্যকৰী হ’ব৷ বাকী ৬টা ইউনিট ২০২৪ চনৰ ৩১ মার্চৰ ভিতৰত কার্যকৰী কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলিও মন্ত্রী আৰ কে সিঙে সদনক জানিবলৈ দিয়ে৷ তেওঁ কয় যে প্রকল্পটোৰ নির্মাণকার্য ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে বন্ধ হৈ আছিল৷ ইয়াৰ বাবে তেওঁ অসম তথা অৰুণাচল প্রদেশৰ নদীবান্ধবিৰোধী আন্দোলনক দায়ী কৰি কয় যে ইয়াৰ উপৰি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণত চলি থকা গোচৰ আৰু ক’ভিড–১৯ অতিমাৰীৰ বাবেও প্রকল্পটোৰ নির্মাণকার্য বাধাগ্রস্ত হৈছিল৷ তদুপৰি ২০২১ চনৰ আগষ্ট মাহত, ২০২২ চনৰ জুন মাহত আৰু ছেপ্ঢেম্বৰ মাহৰ বানপানীৰ বাবেও প্রকল্পটোৰ নির্মাণকার্য লেহেম হৈ পৰিছিল বুলি শক্তিমন্ত্রীজনে লোকসভাত উল্লেখ কৰে৷

You might also like