নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত গুণোৎসৱ–২০২২ বঁটা প্রদান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গুণোৎসৱ–২০২২ বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে আয়োজন কৰা অনুষ্ঠানত গুণোৎসৱ–২০২২ত A+ গ্রেড লাভ কৰা ৪৮৪১ খন বিদ্যালয়ক বঁটা প্রদান কৰে মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে A+ গ্রেড লাভ কৰা প্রতিখন বিদ্যালয়ক ২৫ হাজাৰ টকাকৈ প্রদান কৰা হয়৷ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ৯৮সংখ্যক জয়ন্তী উপলক্ষে মুখ্যমন্ত্রীয়ে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্র নির্মাণৰ প্রক্রিয়াত তেওঁৰ অপৰিসীম অৱদানৰ কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে মহান নেতাগৰাকীৰ জীৱন আৰু কর্মৰাজিৰ প্রতি উপযুক্ত সন্মান প্রদর্শনৰ বাবে প্রতিবছৰে সমগ্র দেশতে ২৫ ডিচেম্বৰৰ দিনটো সুশাসন দিৱস হিচাপে পালন কৰাৰ সৈতে সম্পর্ক ৰাখি আজি গুণোৎসৱ–২০২২ বঁটা প্রদান কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা সময়ত তেওঁ সর্বশিক্ষা অভিযান আৰম্ভ কৰিছিল৷ সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত গুণগত শিক্ষা প্রসাৰৰ দিশত বাজপেয়ীয়ে গুৰুত্ব প্রদান কৰিছিল বুলি মুখ্যমন্ত্রীয়ে কয়৷ লিখিত পৰীক্ষা পৰম্পৰাগত ব্যৱস্থাতকৈ বিদ্যালয়ৰ শিক্ষাৰ মান জোখাৰ বিকল্প হিচাপে গুণোৎসৱ আয়োজনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ইয়াক নিৰন্তৰ মূল্যায়নৰ প্রক্রিয়া বুলি অভিহিত কৰে৷ ইয়াৰ জৰিয়তে অংশীদাৰীসকলক শক্তিশালী তথা দুর্বল দিশসমূহৰ ওপৰতো মনোনিৱেশ কৰিবলৈ সুযোগ প্রদান কৰে৷ অসমৰ শৈক্ষিক পৰিৱেশৰ পৰিৱর্তন সাধনৰে ৰাজ্যখনক অধিক আগুৱাই নিয়াৰ বাবে তেওঁ গুণোৎসৱক এক মাধ্যম বুলি অভিহিত কৰে৷ শিক্ষক–শিক্ষয়িত্রী আৰু শিক্ষা বিভাগৰ সৈতে জড়িত সকলোকে এক নির্দিষ্ট পৰিসৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে অসমক সকলো দিশতে অন্যতম প্রগতিশীল ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যত উপনীত হব লাগিলে শিক্ষাক অধিক বিকশাই তুলিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে গুণোৎসৱ বঁটা প্রদানৰ জৰিয়তে শিক্ষক–শিক্ষয়িত্রী আৰু বিদ্যালয় কর্মচাৰীসকলে ৰাষ্ট্র নির্মাণ প্রক্রিয়াৰ প্রতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি প্রদান কৰা হৈছে৷ তেওঁ আশা প্রকাশ কৰি কয় যে শিক্ষকসকলে উৎকর্ষিত মনোভাৱেৰে নিজৰ চৰকাৰী দায়িত্ব আৰু কর্তব্য নিষ্ঠাৰে পালন কৰিলে বহু সংখ্যক ছাত্র–ছাত্রী জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে শিক্ষকসকলক তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহত প্রতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনাই যাতে ৰাজ্যখনৰ পৰা অধিকসংখ্যক শিক্ষার্থীয়ে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ঢ, সর্বভাৰতীয় আর্য়ুবিজ্ঞান প্রতিষ্ঠান আদি শীর্ষ অনুষ্ঠানসমূহত আসন লাভ কৰিবলৈ সক্ষম হয়৷ আগন্তুক দিনত কৃত্রিম বুদ্ধিমত্তা, বর্দ্ধিত বাস্তৱতা, মিশ্রিত বাস্তৱতা আদিৰ দৰে শেহতীয়া প্রযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰিব পৰাকৈ শিক্ষা প্রদানৰ প্রক্রিয়াটো ছাত্র–ছাত্রীসকলৰ বাবে এক আকর্ষণীয় অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীক অধিক উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ প্রেৰণা যোগোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্রীয়ে কেইবাটাও ঘোষণাও কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অহা বছৰৰ পৰা আৰম্ভ কৰি যি সকল বিদ্যালয়ে একেৰাহে ২ বছৰৰ বাবে গুণোৎসৱত A+ গ্রেড লাভ কৰিব সেইসমূহ শিক্ষানুষ্ঠানক ৫০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হব৷ তেওঁ লগতে কয় যে এই বিদ্যালয়সমূহত অনুমোদিত শিক্ষকৰ উপৰি এজনকৈ অতিৰিক্তভাৱে শিক্ষক নিয়োগ কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে এই বিদ্যালয়সমূহত ঠিকাভিত্তিকভাৱে কাম কৰা শিক্ষকসকলক স্থায়ী নিযুক্তি প্রদান কৰা হব৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বিদ্যালয়, কর্মীবৃন্দ আৰু ছাত্র–ছাত্রীৰ ওপৰত ৩৬০ ডিগ্রী তথ্যৰ এক অনন্য সামগ্রিক ডিজেটেল প্লেটফর্ম বিদ্যা সেতু অসম আৰু এনালাইটিক্স পাৱার্ড ই শ্রেণী কোঠা প্রকল্প টেলি শিক্ষা নামৰ দুটা প্রযুক্তি সমর্থিত ৱেব এপ্লিকেশ্যন মুকলি কৰে৷ অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, ৰঞ্জিত কুমাৰ দাস, যোগেন মহন, নন্দিতা গার্লোচা, পৰিমল শুক্লবৈদ্য, অতুল বৰা, চন্দ্রমোহন পাটোৱাৰী, অজন্তা নেওগ, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, সঞ্জয় কিষাণ, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্ত আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like