নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটমণ্ডলৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত শিশুনাটেৰে মুখৰ নাট্যনগৰী পাঠশালা

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ৰাজ্যৰ অন্যতম অপেচাদাৰী নাট্যগোষ্ঠী নাটমণ্ডল পাঠশালাৰ গৌৰৱোজ্জ্বল ২৫ বছৰৰ উপলক্ষত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঠশালাত কালিৰ পৰা অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান৷ অনুষ্ঠানৰ আৰম্ভণিতে কালি পুৱা নাটমণ্ডল পাঠশালাৰ সভাপতি তথা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে নাটমণ্ডল পাঠশালাৰ পতাকা উত্তোলন কৰাৰ পিছত নাটমণ্ডল পাঠশালাৰ সম্পাদক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নাট্যকাৰ, অভিনেতা, পৰিচালক নিতুল কুমাৰ মেধিয়ে নাটমণ্ডল পাঠশালাৰ প্ৰয়াত সতীৰ্থসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। বিয়লি নাটমণ্ডল পাঠশালাৰ শিল্পীবৃন্দই নাটমণ্ডল পাঠশালাৰ সংগীত পৰিবেশন কৰাৰ পিছত বিশিষ্ট চিত্র শিল্পী হাৰুন আলীয়ে বন্তি প্ৰজ্বলন কৰে৷ পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীয়ে নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি কৰাৰ পিছতে প্ৰবীন শিল্পী প্ৰমোদ ৰয়ে আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ খনিকৰ ৰতন লহকৰৰ সোঁৱৰণত অনুষ্ঠিত নাটমণ্ডল পাঠশালাৰ দ্বাৰা প্ৰযোজনা কৰা নাট্যকাৰ নিতুল মেধিৰ ৰচনা আৰু পৰিচালনাৰে অতিথিশালা নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী দিনেন গোস্বামী, নাটমণ্ডল পাঠশালাৰ সভাপতি শ্ৰীপদ চৌধুৰী, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, অভিনেতা সঞ্জীৱ শৰ্মা, দিপাাংকৰ তালুকদাৰ, শৈলেন কাকতি, বিশিষ্ট সমাজকৰ্মী ৰাজেন ৰয়, প্ৰবোধ শৰ্মা, অনিল ডেকা, মৃদুল কলিতা, অৱসৰী প্ৰধান শিক্ষক চবিৰঞ্জন দাস, চক্ৰপানি কলিতা, সমন্বিতে বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত নিশা ‘বা’ গুৱাহাটীৰ প্ৰযোজনাত পাকিজা বেগমৰ নাটক ‘পদ্মাপ্ৰিয়া’ উদ্বোধন কৰে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে। উল্লেখ্য যে পাঁচ দিনিয়া কাৰ্যসূচীৰে অহা ২৮ ডিচেম্বৰলৈ নাটমণ্ডল পাঠশালাৰ ব্ৰজনাথ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগা ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে আজি আৰম্ভ হয় অৰিন্দম ন্যাসৰ উদ্যোগত আৰু সঁফুৰা- নাটমণ্ডলৰ সহযোগত সদৌ অসম ভিত্তিত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়াৰ নাট প্ৰতিযোগিতা৷ দুদিনীয়াকৈ চলিবলগীয়া এই শিশু-চেমনীয়াৰ নাট প্ৰতিযোগিতাত আজি পাটাছাৰকুছিৰ পোহৰ নাট্যদলে মঞ্চস্থ কৰে পথ৷ গুৱাহাটীৰ বেটকুছিৰ মঞ্চপ্ৰদীপে মঞ্চস্থ কৰে বাটি খালে আটি যায়৷ লখৰা-গুৱাহীটীৰ ডি শৰ্মা কালচাৰেল একাডেমীয়ে মঞ্চস্থ কৰে ভীম হৈ থাকিলে ডট্ ডট্ ডট্, বঙাইগাও- চকিহালীৰ গীদাল নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰে খেলোঁ কইনা দৰা, IFCRO তেজপুৰে মঞ্চস্থ কৰে বনভোজৰ বৰষুণ, ৰংচৰা বৰপেটাই মঞ্চস্থ কৰে হ’ম হ’মেই সফল, চৰ্চা- ছিপাঝাৰে মঞ্চস্থ কৰে বিড়াল তপস্বী, নলৰাবীৰ দীনবন্ধু নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰে চিকমিক আকাশৰ তৰা আৰু পিনাক বৰপেটাই মঞ্চস্থ কৰে ভতূকাৰে ভূ৷ আনহাতে কাইলৈ পুৱা ১১ বজাৰ পৰা লখৰা- গুৱাহাটীৰ ফেৰেংগাদাওই মঞ্চস্থ কৰিব তৰা, মানিকপুৰ- বঙাইগাঁৱৰ আকাশ গোষ্ঠী চিলনীৰ জীয়েকৰ সাধু, নগাওৰ শিল্পচৰাৰ সূৰ্যাস্তৰ গান, তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ লঠঙা গছৰ ছাঁ, নলবাৰীৰ সমন্বয় নাট্য বিদ্যালয়ৰ তিনিআলি কেঁকুৰিৰ প্ৰেক্ষাপট৷ শিশু আৰু চেমনীয়া নাট প্ৰতিযোগিতাৰ উপৰিও অনুষ্ঠিত হব পূৰ্ণাংগ পৰ্যায়ৰ নাট৷ আজি পুৱা ১১ বজাৰ পৰা অসমৰ মুঠ ১৪ টা দলৰ মাজত শিশু নাট প্ৰতিযোগিতা, ২৬ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা শিশুনাট প্রতিযোগিতা, সন্ধিয়া ৬ বজাৰ পৰা মুকলি সভা, নাটমণ্ডল বঁটা প্রদান, অভিনন্দন গ্রন্থ উন্মোচন, নাট্যগল্প উন্মোচনৰ উপৰি মুনীন্দ্র নাথ শৰ্মা সোঁৱৰণী পূর্ণ দৈৰ্ঘৰ নাট পাণ্ডুলিপি প্রতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হব। ২৭ ডিচেম্বৰৰ সন্ধিয়া ১ম দর্শনীৰ নাট বন্ধ বাকচৰ বিষাদ, দ্বিতীয় দর্শনীৰ নাট ইস্ ইস্ আস্ আস্ প্ৰদৰ্শন কৰা হব৷ ইপিনে ২৮ ডিচেম্বৰৰ সন্ধিয়া প্ৰথম দর্শনীৰ পূর্ণ দৈৰ্ঘৰ শিশুনাট আঙুলি পোৰা অভিযান আৰু দ্বিতীয় দৰ্শনীত কোচবিহাৰৰ দেৱান গাজিৰ কিচ্ছা মঞ্চায়নেৰে নাটমণ্ডলৰ ৰূপালী জয়ন্তীৰ বৰ্ষযোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ মোখানি মৰা হব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like