নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ বাঁহমোল্লা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত, তেওঁৰ সুপৰিকল্পিত আৰু সময়োপযোগী পদক্ষেপৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে, দেশ বহু খিনি আগুৱাই গৈছে- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দৰঙৰ পশ্চিম প্ৰান্তত ওদালগুৰিৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত বাঁহমোল্লা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ আজি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে যি ব্ৰিটিছে ভাৰত শাসন কৰিছিল সেই ব্ৰিটিছসকল আজি বিশ্ব অৰ্থনীতিত ভাৰতবৰ্ষৰ তলত আৰু এয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দক্ষতা আৰু বিচক্ষণতাৰ বাবেই সম্ভৱ হৈছে। আগন্তুক দিনত বিশ্ব অৰ্থনীতিত ভাৰতবৰ্ষক অধিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে দেশৰ প্ৰতি গৰাকী নাগৰিকে উঠি অহা নৱপ্ৰজন্মক দক্ষ, যোগ্য, সৎ, নিষ্ঠাৱান নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব আৰু কঠোৰ পৰিশ্ৰমী হ’বলৈ শিকাব লাগিব। দেশৰ কৃষি অৰ্থনীতিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে জলবায়ু পৰিৱৰ্তনে মানৱ সমাজলৈ জীয়াই থকাৰ ভাবুকি কঢ়িয়াই আনিছে, সেয়ে কৃষক সকলে ৰাসায়নিক খেতিৰ পৰিৱৰ্তে জৈৱিক কৃষি ব্যৱস্থাৰ ওপৰত অধিক মনোনিবেশ কৰিব লাগিব; যিয়ে জৈৱ বৈচিত্ৰ্যৰ শক্তি বৃদ্ধি কৰে আৰু সকলো প্ৰাণী জীয়াই থকাৰ বাবে এক অনুকূল প্ৰাকৃতিক বাতাবৰণ সৃষ্টি কৰে। শতবৰ্ষ গৰকা এই শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, জীয়াই ৰখাৰ ক্ষেত্ৰত যিসকলে ত্যাগ স্বীকাৰ কৰিলে সেইসকল কৃতজ্ঞতাৰ পাত্ৰ বুলি মন্তব্য কৰি তেওঁ আশা পোষণ কৰে যে আগন্তুক দিনত এই শিক্ষানুষ্ঠানখনে যোগ্য নাগৰিক সৃষ্টি কৰি ৰাজ্য খনৰ বাবে, দেশ খনৰ বাবে বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড°জামালুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভা উদ্বোধন কৰে অধ্যাপক ড°দুলাল হাজৰিকাই। সভা উদ্বোধন কৰি ড° হাজৰিকাই কয় যে এখন শিক্ষানুষ্ঠানৰ আৰম্ভণি মানে এক সভ্যতাৰ আৰম্ভণি; আজিৰ পৰা এশ বছৰ পূৰ্বেই বাঁহমোল্লা অঞ্চলত এই সভ্যতাৰ ৰ’দ পৰিছিল; যিয়ে উত্তৰ কালৰ সমাজখনক পোহৰৰ বাট দেখুৱাইছে। শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত চহৰীয়াই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ উপলক্ষে ফজলুল হক চৌধুৰীৰ সম্মাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘শতভিষা’ উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড°উত্তম কলিতাই। গীতিকাৰ হীৰক চহৰীয়া ৰচিত এটি মনপৰশা বৃন্দ গানেৰে আৰম্ভ হোৱা এই সভাত শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি চিৰাজুল হকে পাঠ কৰে সভাপতিৰ অভিভাষণ। সভাপতিৰ অভিভাষণত তেওঁ বাঁহমোল্লা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ আঁৰৰ কথা উল্লেখ কৰাৰ লগতে বাঁহমোল্লা অঞ্চলৰ ইতিহাস দাঙি ধৰে । দুই সহস্ৰাধিক লোকৰ সমাবেশ ঘটা সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, স্থানীয় বিধায়ক দুৰ্গা দাস বড়ো, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সংখ্যা লঘু উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ মমিনুল আৱাল, বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ো, বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, ৰাজ্য চৰকাৰৰ বাণিজ্য বিভাগৰ অধ্যক্ষ মধু ৰাম ডেকাকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like