নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উখল-মাখল নৰ্থ ইষ্ট ফেষ্টিভেল : উৎসুক পৰ্যটকৰ উত্তৰ-পূব ভ্ৰমণৰ আগ্ৰহ

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ, দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২৩ ডিচেম্বৰৰ পৰা আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ তৃতীয় দিনাও হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ পৰিলক্ষিত হ’ল। এইবাৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত টিকটৰ ব্যৱস্থা কৰা হৈছিল। এই বিষয় লৈ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত কিছু আপত্তি কৰাত আন এজনে তাত প্ৰত্যুত্তৰ দিছে-” আমি যি কোনো এখন ঠাইলৈ ফুৰিবলৈ যোৱাৰ নামত বহু টকা খৰচ কৰো। আমাৰ বাবে এখন ঠাইলৈ যোৱাৰ উদ্দেশ্য তাৰ সংস্কৃতি-ঐতিহ্যৰ সৈতে চিনাকি হোৱা। সেই দৃষ্টিৰে নৰ্থ ইষ্ট ফেষ্টিভেলে উত্তৰ-পূবকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলৰ খাদ্য-নৃত্য-হস্তশিল্প-পৰম্পৰা একেখন ঠাইলৈ কঢ়িয়াই আনিছে। গতিকে একোৱেই বিনামূল্যে লাভ নকৰা এই পৃথিৱীখনত সামান্য কেইটামান টকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলখনক চুই চোৱাত আপত্তি ক’ত?” এই কথাৰ প্ৰমাণ টিকট ক্ৰয় কৰি অহা হাজাৰ হাজাৰ লোকৰ সমাগম। বৰদিনৰ সন্ধিয়াও মানুহৰ জিভাত নগা-মণিপুৰী-নেপালী খাদ্যই তৃপ্তি দিছে। উত্তৰ-পূবৰ এই ক্ষুদ্ৰ সংস্কৰণটোৱে পৰ্যটককো ব্যাপক হাৰত আকৰ্ষিত কৰিছে। এন আই আই এফ টি দিল্লীৰ ফেশ্বন ডিজাইনাৰ চান্দনী মাখিজাৰ আগ্ৰহ তেওঁৰ কথাতে ফুটি উঠিছে- “মই উত্তৰ-পূব সন্দৰ্ভত পঢ়া-শুনা কৰিছো যদিও এতিয়ালৈকে যোৱাৰ সুযোগ পোৱা নাই। অৱশ্যে অসমৰ চাহ বাগিছা ভ্ৰমণৰ এটা পৰিকল্পনা কৰিছো। নৰ্থ ইষ্ট ফেষ্টিভেলত উত্তৰ-পূবৰ খাদ্যৰ সোৱাদ লৈছো আৰু তেওঁলোকৰ মূলৰ তথ্যবোৰ জানি আচৰিত হৈছো। মই নগা আৰু মণিপুৰি বস্ত্ৰ কিনিছো। এইবোৰৰ শৈলী আৰু ডিজাইন সাংঘাতিক ধুনীয়া।” বৰদিনৰ বাবে উত্তৰ-পূবৰ ৰাইজৰ আগমণ পাতল যদিও দিল্লীবাসীৰ অভূতপূৰ্ব সঁহাৰিত উৎফুল্লিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক মণ্ডলী। সামাজিক মাধ্যমতো বিভিন্ন ৰূপত ব্যাপক চৰ্চিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বৈচিত্ৰ্যতা। নৰ্থ ইষ্ট ফেষ্টিভেলে উত্তৰ-পূবত সুচল বিনিয়োগ আৰু স্বচ্ছল ব্যৱসায়িক সম্ভাৱনা সৃষ্টিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা হাতত লৈ আহিছে। এই সন্দৰ্ভত মুখ্য আয়োজক শ্যামকানু মহন্তই আমাক জনায় যে “আমি অঞ্চলটোৰ ঐশ্বৰ্যশালী আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ জৰিয়তে পৰ্যটনৰ সম্ভাৱনা সৃষ্টি কৰিব বিচাৰো। যাৰ দ্বাৰা উত্তৰ-পূবৰ অৰ্থনীতিত শক্তিশালী ভূমিকা ল’ব পাৰো। আমি তাৰ বাবে বিভিন্ন প্ৰয়াস হাতত লৈছো। সেইবোৰৰ ভিতৰত বি ২ বি বৈঠক, পৰ্যটন সজাগতামূলক অনুষ্ঠান আৰু আমাৰ খাদ্য-সংগীত-কলা-হস্তশিল্পৰ প্ৰদৰ্শন। মই তীব্ৰভাৱে এই কথা অনুভৱ কৰিছো যে উত্তৰ-পূবত পৰ্যটনৰ সম্ভাৱনা সৃষ্টি কৰাত নৰ্থ ইষ্ট ফেষ্টিভেলে শক্তিশালী ভূমিকা ল’ব পাৰে।” ফিৰিঙতি কিউৰেটেড ট’ৰছৰ সংগীতা বৰুৱা পীছাৰটি আৰু অনুজ বৰুৱাই উত্তৰ-পূবৰ ব্যতিক্ৰমী পৰ্যটন প্ৰচেষ্টাৰ বিষয়ে পৰ্যটকৰ অলেখ উৎসুক প্ৰশ্নৰ সন্মুখীন হয়। সংগীতা বৰুৱাই উল্লেখ কৰে যে “আমি অঞ্চলটোক প্ৰকৃত অৰ্থত অন্বেষণ কৰিব বিচৰা ভ্ৰমণকাৰীসকলক সেৱা প্ৰদান কৰো। কেৱল ইনষ্টাগ্ৰাম আপডেট আমাৰ উদ্দেশ্য নহয়। নৰ্থ ইষ্ট ফেষ্টিভেলে আমাক ট্যুৰ অপাৰেটৰ আৰু পৰ্যটকসকলৰ সৈতে এক ধৰণৰ সংযোগ স্থাপন কৰাত সহায় কৰিছে।” খাদ্য বিপনীত অস্বাভাৱিক ভিৰে পৰম্পৰাগত খাদ্যৰ প্ৰতি মানুহৰ আকৰ্ষণক প্ৰতিনিধিত্ব কৰে। বহু দৰ্শনাৰ্থীৰ বাবে বিপণীৰ বহুতো খাদ্য সম্পূৰ্ণ নতুন। দৰ্শনাৰ্থী দিল্লীৰ শিল্পা গুপ্তাই কয় -” নেপালীসকলৰ চেল ৰুটিৰ কথা শুনিছিলো কিন্তু চাটনীৰ সৈতে এই খাদ্যবিধৰ সোৱাদ আজিহে ল’লো। আমি নাগালেণ্ডৰ থলুৱা ৱাইনৰ সোৱাদো ল’লো। অপূৰ্ব সোৱাদ। মই নতুন বছৰত বন্ধুবৰ্গক উপহাৰ দিবলৈ বহুকেইটা ৱাইন বটল কিনিছো।” পূৰ্বৰ দুদিনৰ দৰে আজিও লোক শিল্পীসকলৰ পৰম্পৰাগত গীত-নৃত্যৰ মনোমোহা প্ৰদৰ্শনে সকলোকে আনন্দ দিয়ে। বিহু, মণিপুৰী নৃত্য, সত্ৰীয়া নৃত্য আজিৰ অন্যতম আকৰ্ষণ। লগতে আছিল অপেন মাইকত প্ৰতিভাৰ সন্ধান আৰু ৰক যুদ্ধ। আজিৰ অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন গণ্য-মান্য ব্যক্তি। আজিৰ সন্ধিয়াৰ অন্যতম আকৰ্ষণ হৈ পৰে অসম তথা ভাৰতৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ জনপ্ৰিয়তাই দিল্লীবাসী ৰাইজক নৰ্থ ইষ্ট ফেষ্টিভেললৈ টানি আনে। তেওঁৰ লগতে সন্ধিয়াৰ মঞ্চ জিলিকাই তোলে ডি জে টেৰি মিক’, তাবা ছাকে, ত্ৰাঞ্চ ইফেক্ট, চাঙ্গপইছপ’ আৰু ডি জে নৈয়ে।

You might also like