নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক : নৰ্থ বইটামাৰীত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : বঙাইগাঁও থানাৰ অন্তৰ্গত নৰ্থ বইটামাৰীৰ সুখবাশপাৰাত আজি বিয়লি নাৰায়ণ ৰায় নামৰ লোক এজনে নিজ পত্নীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে জিলাখনৰ কাকৈজানাৰ নাৰায়ণ ৰায় নামৰ এজন লোকে বাঁশবাৰীৰ পিতৃগৃহত থকা নিজৰ পত্নীক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত মহিলা গৰাকীৰ মৃত্যু ঘটে। মহিলাগৰাকীৰ নাম বিদ্যাৱতী সৰকাৰ। বিদ্যাৱতীয়ে দীৰ্ঘদিন ধৰি বাঁশবাৰী সুখবাসপাৰাৰ পিতৃগৃহত আছিল। নাৰায়ণ ৰায়ে প্ৰথমে বিদ্যাৱতী সৰকাৰৰ বায়েক হিমানী সৰকাৰক বিবাহ কৰাইছিল যদিও পিছত হিমানী সৰকাৰৰ ভনীয়েক বিদ্যাৱতী সৰকাৰৰ লগতো বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বহু পূৰ্বৰে পৰা বিদ্যাৱতী সৰকাৰে বাঁশবাৰী সুখবাশপাৰাস্থিত পিতৃগৃহত বাস কৰিছিল। আজি বিয়লি ২.৩০ মান বজাত হঠাৎ নাৰায়ণ ৰায়ে শহুৰেক বীৰেন্দ্ৰ সৰকাৰৰ গৃহত উপস্থিত হৈ নিজৰ পত্নী বিদ্যাৱতীৰ লগত তৰ্কত লিপ্ত হয় আৰু পিছত নিজ সন্তানৰ সন্মুখতে চোকা অস্ত্ৰৰে ঘপিয়াই বিদ্যাৱতী সৰকাৰক হত্যা কৰে। সেই সময়ত মহিলাগৰাকীৰ পিতৃ বীৰেন্দ্ৰ সৰকাৰ গৃহত উপস্থিত নাছিল। ইফালে নিজৰ পত্নীক হত্যা কৰি নাৰায়ণ ৰায় পলাই যায় যদিও পিছত বঙাইগাঁও সদৰ থানাত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। পাৰিবাৰিক কন্দলৰ পৰিনতিতে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰিছে বিভিন্ন পক্ষই। সন্ধিয়া বঙাইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like