নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্যৰ অৱনতি ঘটা মোদীৰ মাতৃ আহমেদাবাদৰ ইউএন মেহতা হাস্পতালত ভৰ্তি হৈ আছে। তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে। সংবাদ সংস্থা পিটিআইৰ মতে, তেওঁৰ উশাহ-নিশাহৰ কষ্ট অনুভৱ হৈছিল। যাৰ পাছতে ততাতৈয়াকৈ মাতৃক চাবলৈ আহমেদাবাদলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী।
আহমেদাবাদৰ ইউএন মেহতা হাস্পতালৰ পৰা জনোৱা মতে হাস্পতালৰ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰা হৈছে মাতৃ হীৰাবেনক। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।
Heeraben Modi, mother of Prime Minister Narendra Modi is admitted at UN Mehta Institute of Cardiology & Research Centre in Ahemdabad and her health condition is stable, says the hospital pic.twitter.com/D6N4PF2FGC
— ANI (@ANI) December 28, 2022