নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান বিলাতী মাটিৰ কাৰখানাত আৰক্ষীৰ অভিযান; ১৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ

নিয়মীয়া বাৰ্তা,  ২৮ ডিচেম্বৰঃ কাৰ্বি আংলং জিলাৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বাবে অপৰাধী চক্ৰৰ তৎপৰতা অব্যাহত থকাৰ সময়তে যোৱানিশা আৰক্ষীয়ে বোকাজানৰ বিলাতী মাটিৰ কাৰখানাৰ চৌহদত তালাচী চলাই বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা বোকাজান বিলাতী মাটিৰ কাৰখানাৰ চৌহদত আৰক্ষীয়ে এক তালাচী অভিযান চলায়। উক্ত অভিযানত আৰক্ষীয়ে এন এল -০১-এএইচ-৮৭৪০ নম্বৰৰ ট্ৰাকখনত তালাচী চলায়। চিমেণ্ট ভৰ্তি উক্ত ট্ৰাকখনত আৰক্ষীয়ে তালাচী চলাই বাৰ্মিজ চুপাৰি ভৰ্তি পোন্ধৰটা বস্তা জব্দ কৰিবলৈ সক্ষম হয়। চিমেণ্টৰ বস্তাৰ তলত লুকুৱাই আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে চুপাৰিখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীৰ তৎপৰতাৰ বাবে এনে প্ৰচেষ্টা ব্যৰ্থ হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বিলাতী মাটিৰ কাৰখানাৰ প্ৰৱেশ পথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা থাকে যদিও এনে কঠোৰ নিৰাপত্তাৰ পিছতো এনে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰিৰ বস্তা কাৰখানাৰ চৌহদত কেনেকৈ প্ৰৱেশ কৰিবলৈ পালে তাক কেন্দ্ৰ কৰিও ৰহস্যৰ সৃষ্টি হৈছে।
You might also like