নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ত অসমত গঁড় হত্যা শূন্য : অসমবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিশেষ বাৰ্তা, ৩ জানুৱাৰীঃ এই বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষটোত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হ’ব লগা হোৱা নাই বুলি মন্তব্য কৰিছিল। এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জড়িয়তে মন্তব্য কৰিছিল যে ২০২১ বৰ্ষত অসমত মাথোঁ ২টা গঁড়হে চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱাৰ বিপৰীতে ২০২২ বৰ্ষত এটাও গঁড়ৰ এনেদৰে মৃত্যু হোৱা নাছিল। গঁড় ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনক এশিঙীয়া গঁড়ৰ বাবে নিৰাপদ স্থলী বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই টুইট নিজৰ একাউণ্টত শ্বেয়াৰ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণক গঁড় হত্যা ৰোধ কৰাৰ বাবে সক্ৰিয় ভূমিকা লোৱা বাবে অভিনন্দন জনায় | ২০২২ বৰ্ষত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু নোহোৱাটো সুন্দৰ বাতৰি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে সমগ্ৰ অসমবাসীকে কৃতিত্ব প্ৰদান কৰিছে। অসমবাসীয়ে এনেদৰে গঁড় হত্যা ৰোধ কৰি আদৰ্শৰ বাট দেখুৱাইছে বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

You might also like