শীৰ্ঘে ৰাণৱে সম্প্ৰসাৰণৰ কাম আৰম্ভ হ’ব ৰূপচী বিমানবন্দৰত
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: অতি শীঘ্ৰে পশ্চিম অসমৰ একমাত্ৰ বিমানবন্দৰ ৰূপচীৰে গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ মহানগৰলৈ চলাচল কৰিব পাৰে বিমান। আনকি আগলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ “লুক ইষ্ট পলিচি”ৰ এক গুৰুত্বপূৰ্ণ অংশ ৰূপে চুবুৰীয়া বাংলাদেশকে ধৰি পশ্চিম এছিয়াৰ অইন কেইখনমান দেশলৈও ৰূপচীৰে চলিব পাৰে আন্তঃৰাষ্ট্ৰীয় বিমান। দৰাচলতে ৰূপচী বিমানবন্দৰৰ ৰাণৱে বৃদ্ধিৰ বাবে দেশৰ বিমান বন্দৰ প্ৰাধিকৰণে লোৱা পৰিকল্পনাৰ পিছত আৰম্ভ হৈছে এনেবোৰ জল্পনা-কল্পনাৰ। আনকি ৰাণৱে বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰৰ বাবে যোৱা বুধবাৰে বিভাগীয় কৰ্তৃপক্ষই ৰূপচী বিমানবন্দৰ সংলগ্ন লালকুৰা গাওঁলৈ উপস্থিতো হয়। অৱশ্যে গাঁওখনৰ একাংশ বাসিন্দাই নিজৰ ভূমি প্ৰদান কৰাৰ অনীহা প্ৰকাশ কৰাৰ সমান্তৰালকৈ বিমানবন্দৰটোৰ বাওঁফালে থকা পাহাৰৰ ভূমিলৈ বিমানবন্দৰটোৰ সম্প্ৰসাৰণৰ দাবীৰে কিছু হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত সিদিনা ভূমি অধিগ্ৰহণৰ কাম-কাজৰ বিশেষ অগ্ৰগতি ন’হল বুলিয়েই প্ৰকাশ। অৱশ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়কে ধৰি ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ সময়তো প্ৰথমাৱস্থাত ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি ঠিক অনুৰূপ জটিলতাৰ সৃষ্টি হৈছিল যদিও পিছলৈ গৈ সেয়া আঁতৰ হৈছিল। ঠিক অনুৰূপে, ৰূপচী বিমানবন্দৰৰৰ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণক লৈ সৃষ্টি হোৱা এই সাম্প্ৰতিক জটিলতা দিঠকত গৈ আঁতৰ হ’ব বুলিয়েই অনুমান কৰা হৈছে। উল্লেখ্য যে, দ্বিতীয় মহাসমৰৰ সময়ত ব্ৰিটিছে সামৰিক বিমানবন্দৰ ৰূপে নিৰ্মাণ কৰা ৰূপচী বিমানবন্দৰটো কেন্দ্ৰীয় চৰকাৰৰ “উৰান-২” নামৰ এক আঁচনীৰ অধীনত পুনৰ্নিমাণ কৰা হৈছে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই ২০২১ বৰ্ষৰ ৮ মে’ৰ পৰা ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ হৈছিল যাত্ৰীৱাহী বিমান সেৱা। ১৯৮২ চনত অন্তিম বাৰৰ বাবে বায়ুদূতৰ এখন বিমান ৰূপসীৰ পৰা যাত্ৰা কৰাৰ পিছত প্ৰায় ৩৯ বছৰীয়া এক দীৰ্ঘ বিৰতিৰ অন্ত পৰিছিল সিদিনা। সিদিনাৰ পৰা আৰম্ভ হৈছিল ‘ফ্লাই বিগ’ নামৰ বিমান পৰিবহন সংস্থা এটাৰ ৭২ আসনৰ এটিআৰ–চেভেন্টি টু বিমান সেৱা। প্ৰথমাৱস্থাত ৰূপচী হৈ সপ্তাহৰ তিনিদিন গুৱাহাটী-ক’লকাতা আৰু ক’লকাতা-গুৱাহাটীৰ মাজত বিমান চলাচল কৰিছিল। কিন্তু যাত্ৰীৰ আশানুৰূপ সংখ্যাই বিগত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ তিনি দিনৰ ঠাইত সোমবাৰৰ বাহিৰে সপ্তাহৰ বাকী দিনকেইটাত ৰূপচী হৈ গুৱাহাটী–ক’লকাতা আৰু ক’লকাতা–গুৱাহাটীৰ মাজত আৰম্ভ হয় যাত্ৰীৱাহী বিমান সেৱা। উল্লেখ্য যে, ধুবুৰী জিলাকে ধৰি কোকৰাঝাৰ, বঙাইগাওঁ, গোৱালপাৰা আৰু মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ উপৰিও শেহতীয়াকৈ পশ্চিমবংগৰ কোচবিহাৰ আৰু আলিপুৰদুৱাৰ অঞ্চলৰ বিমানযাত্ৰীও ৰূপচী বিমানবন্দৰেৰে যাতায়ত কৰিবলৈ লোৱা পোৱা গৈছে। অৱশ্যে, বিমানবন্দৰটোত নিশা অথবা এন্ধাৰত বিমান অৱতৰণৰ বাবে থাকিবলগীয়া আধুনিক প্ৰযুক্তি এতিয়ালৈ লগোৱা হোৱা নাই। ফলত বাৰিষাৰ ডাৱৰীয়া দিনত আৰু শীতত ঘন কুঁৱলি পৰিলে পুৱা অথবা বিয়লি ভাগত বিমান অৱতৰণ কৰিব পাৰিব নেনাই সেয়া লৈ ৰূপচী হৈ যাতায়াত কৰা যাত্ৰীসকলে কিছু অনিশ্চয়তাত ভূগিবলগীয়া হয়। অৱশ্যে, বিমানবন্দৰটোত নতুনকৈ ৰাণৱে নিৰ্মাণৰ সময়ত নিশা অথবা এন্ধাৰত বিমান অৱতৰণৰ যাৱতীয় প্ৰযুক্তিও সংস্থাপিত কৰা হ’ব বুলিয়েই আশা কৰা হৈছে।
প্ৰতিবেদন || অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী