কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ ৭৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: নলবাৰী জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰাল , গুৱাকুছিৰ ৭৪ সংখ্যক বাৰ্ষিক অধিবেশন খন আজি অৰ্থাৎ বৃহস্পতি বাৰে পুৱা সামুহিক প্ৰাৰ্থনাৰে আৰম্ভ কৰা হয় । তাৰ পিছতেই সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ উপদেষ্টা ৰুকুন উদ্দিন আহমেদে । পতাকা উত্তোলনত সহায় কৰে সংঘৰ সভাপতি আলহাজ চাহাবুদ্দিন আহমেদে । ইয়াৰ পিছতেই কেৰাৎ পাঠ প্ৰতিযোগিতা উদ্বোধন কৰে মৌলনা মেৰাজুল ইছলাম কাচিমীয়ে । শ্বহীদ তৰ্পণ কৰে শিলপোতাবৰী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাসৱ পাঠক আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই । মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাহিত্য সম্পাদক নয়নমনি কলিতা আৰু নৱজিৎ কলিতাই । ইয়াৰ পিছতেই সংঘৰ তথা অঞ্চলটোৰ ১৮ গৰাকী জ্যেষ্ঠ নাগৰিৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয় । ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই আৰু সুকুমাৰ কলা প্ৰতিযোগিতা উদ্বোধন কৰে গ্ৰাম্য বিকাশ মঞ্চৰ সহকাৰী সম্পাদক তথা প্ৰশাসনিক বিষয়া সুভাস চন্দ্ৰ দাসে । ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ক্ৰীড়া আৰু সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
শ্বাহ আলম আহমেদ, পূব-নলবাৰী